NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা শিৱসাগৰত ‘সতৰ্কতা সচেতনতা সপ্তাহ’ আৰম্ভ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 28, 2019 3:49 pm

জনসাধাৰণৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে শিৱসাগৰ জিলাত আজিৰ পৰা ২ নৱেম্বৰলৈ ‘সতৰ্কতা সচেতনতা সপ্তাহ’ (Vigilance Awareness Week) পালন কৰা হৈছে।

সতৰ্কতা সচেতনতা সপ্তাহৰ এই বছৰৰ মূল আলোচ্য বিষয়বস্তু হৈছে “সততা : এক জীৱন ধাৰণৰ প্ৰণালী”।

এই উপলক্ষে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়।

সভাত উপায়ুক্ত গৰাকীয়ে বিষয়া-কৰ্মচাৰী সকলোকে সততাৰ শপত বাক্য (integrity pledge) পাঠ কৰোৱায়।

ইয়াৰ উপৰি জিলাখনৰ সকলো চৰকাৰী বিভাগ সমূহতো সতৰ্কতা সচেতনতা সপ্তাহ উপলক্ষে সততাৰ শপত বাক্য পাঠ কৰোৱাৰ লগতে শ্লোগান লিখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।