NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে ৰাইজৰ সহযোগিতা আহ্বান উপায়ুক্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2019 10:20 am

শিৱসাগৰৰ পৰ্যটন খণ্ডৰ উন্নয়ন, বিকাশ আৰু প্ৰসাৰৰ বাবে উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াৰ নেতৃত্বত “Soulful Sivasagar” নামেৰে ইতিমধ্যে এক অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ জৰিয়তে জিলাখনক বিশ্বৰ পৰ্যটন মানচিত্ৰত এক আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে।

জিলাখনৰ পৰ্যটন উদ্যোগক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে কিছুমান দিশ চিনাক্ত কৰি সেইসমূহৰ উন্নতি আৰু বিকাশৰ বাবে উপায়ুক্ত গৰাকীয়ে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা আহ্বান কৰিছে।

উক্ত দিশসমূহ হৈছে – হোম ষ্টে, দু:সাহসিক পৰ্যটন, ধৰ্মীয় পৰ্যটন, নদী পৰ্যটন, ইক’ পৰ্যটন, টুৰিষ্ট গাইড, টেক্সি সেৱা, ই-ৰিক্সা আৰু বাছ সেৱা।

এই বিষয়ে অধিক জানিবৰ বাবে ইচ্ছুক ব্যক্তিয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ মিছন “Soulful Sivasagar” কোষৰ লগত বা স্থানীয় পৰ্যটন তথ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি উপায়ুক্ত কাৰ্য্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ।