NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ধনশিৰি নদীৰ বুকুত নাও দুৰ্ঘটনা; সন্ধানহীন এগৰাকী মহিলা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 29, 2019 5:54 pm
Dhansiri river

বোকাখাত মহকুমাৰ কুৰুৱাবাহী অঞ্চলৰ ভাটী শিঙাদৰীয়া গাঁৱৰ ধনশিৰি নদীত মঙলবাৰে সংঘটিত হোৱা নাও দুৰ্ঘটনাত নিৰু দাস নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হয়।

নাওখনত থকা ৬ গৰাকী যাত্ৰীৰ বাকীসকল যাত্ৰীয়ে দৈবক্ৰমে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও নদীৰ প্ৰবল সোতত নিৰুদ্দেশ হয় নিৰু দাস।

জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া ভাটি শিঙাদৰীয়া গাঁৱৰ সঞ্জীৱ দাস, সুনীল দাস, বকুল দাস, গোলাই দাস, পদ্মা দাস আৰু নিৰু দাসে নাৱেৰে ধনশিৰি নদী পাৰ হৈ হাঁহচৰা চাপৰলৈ যোৱাৰ সময়তে নৈৰ বুকুত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত নাৱখন সম্পুৰ্ণৰূপে পানীত ডুব যাই যদিও নিৰু দাসৰ বাহিৰে বাকী পাঁচগৰাকী যাত্ৰীয়ে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে।

উল্লেখযোগ্য যে, বৰ্ধিত সোতৰ প্ৰতি লক্ষ্য ৰাখি ধনশিৰি নদীত নাৱেৰে যাত্ৰা নকৰিবৰ বাবে ২৮ অক্টোবৰতে গোলাঘাট জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছিল।

নাও দুৰ্ঘটনাটোত সন্ধানহীন হৈ থকা মহিলাগৰাকীৰ সন্ধানত এছ ডি আৰ এফৰ জোৱানে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাসে সমগ্ৰ উদ্ধাৰ অভিযান তদাৰক কৰিছে।