NORTHEAST NOW (Assamese)
অসম

আজৱ কাণ্ড : দুৰ্ঘটনা ৰোধৰ বাবে ৰাইজে সাজিলে মন্দিৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা October 30, 2019 8:11 am
IMG-20191029-WA0021

বিজ্ঞানৰ ন ন সৃষ্টিয়ে জীৱনৰ গতিধাৰা সলনি কৰাৰ সময়তে দুৰ্ঘটনা ৰোধৰ নামত গোৱালপাৰাত নেদেখা জনৰ ওচৰত শৰণাপন্ন হৈছে শ শ ৰাইজ। এই আজৱ কাণ্ডক লৈ এতিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান চুপাৰ মাৰ্কেটত সঘনাই সংঘটিত হৈ অহা দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি মঙলবাৰে পাইকানৰ চাৰি-পাঁচখন গাঁৱৰ ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰ উপৰি কেইবা শতাধিক পুৰুষ-মহিলাই নাম-কীৰ্তনেৰে চুপাৰ মাৰ্কেটত এটা মন্দিৰো স্থাপন কৰে। মন্দিৰ স্থাপনৰ ফলত এতিয়াৰ পৰা দুৰ্ঘটনা প্ৰতিৰোধ হ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে চলিত বৰ্ষতে পাইকান চুপাৰ মাৰ্কেটত সংঘটিত হোৱা কেইবাটাও ভয়ংকৰ দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন একাংশ চিৰদিনৰ বাবে ঘূনীয়া হ’ব লগীয়া হৈছে। সেয়ে উক্ত অঞ্চলৰ ৰাইজে মিলি মন্দিৰ স্থাপনৰ সিদ্ধান্ত লয় বুলি জানিবলৈ দিছে।