NORTHEAST NOW (Assamese)
Popular Stories

যুৱতীক ভাবুকি দিয়াৰ অপৰাধত মন্ত্ৰী নৱ দ’লেৰ ভাগিনীয়েকক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2019 1:21 pm

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰা এগৰাকী যুৱতীক ভাবুকি প্ৰদান কৰি অহাৰ বাবে আৰক্ষীৰ হাতত আটক হ’ব লগীয়া হ’ল সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দ’লেৰ ভাগিনিয়েক। এক স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ।

ধৃত যুৱকজনৰ নাম ভাইটী পেগু, তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ আগত নিজকে মন্ত্ৰী নৱ দ’লেৰ ভাগিনীয়েক বুলি চিনাকি দিয়া যুৱকজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা ৩ বছৰৰ পৰা তেওঁ শোনিতপুৰ জিলাৰ ঠেলামাৰাৰ এগৰাকী যুৱতিক ভাল পাই আহিছিল।

পিছত যুৱতী গৰাকীয়ে তেওঁৰ সৈতে ‘পলাই যাম’ বুলি কৈ বুধবাৰে ভাইটী পেগুক মিছন চাৰিআলীলৈ মাতি আনি আৰক্ষীৰ হাতত গতাই দিয়ে বুলি তেওঁ লগতে কয়।

আনহাতে সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অভিযুক্ত যুৱকজনে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ মানিবলৈ অমান্তি হোৱা যুৱতী গৰাকীক নানাধৰণৰ মানসিক হেঁচা আৰু ভাবুকি দি আহিছিল।