NORTHEAST NOW (Assamese)
Popular Stories

খেল’ ইণ্ডিয়া স্কুল ক্ৰীড়াত বক্সিঙৰ প্ৰাৰম্ভিক খেলত বিজয়ী মিজোৰাম-কন্যা ৱেনলালহৃয়াতপুই

Posted by: এন ই নাও নিউজ February 5, 2018 5:41 pm
Vanlalhriatpuii

মিজোৰাম কন্যা ৱেনলালহৃয়াতপুইয়ে  খেল’ ইণ্ডিয়া স্কুল ক্ৰীড়াত বক্সিঙৰ ৫৭ কি.গ্ৰা. শাখাৰ প্ৰাৰম্ভিক খেল এখনত হাৰিয়ানাৰ মাহি ৰাঘৱক পৰাজিত কৰিবলৈ সক্ষম হৈছে।

দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত এই খেল’ ইণ্ডিয়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

মামাৱি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে এই প্ৰতিযোগিতাত ৱাইল্ড কাৰ্ড প্ৰৱেশ লাভ কৰিছিল। তেওঁ ছাই (Sports Authority of India)ৰ আইজলৰ হষ্টেলত থাকে।

কান্ধৰ আঘাতৰ পৰা সম্পূৰ্ণ মুক্তি নোপোৱা সত্বেও তেওঁ প্ৰতিপক্ষক সহজেই পৰাজিত কৰিবলৈ সক্ষম হয়।

খেলুৱৈগৰাকীয়ে যোৱা বছৰ বিশ্ব মহিলা যুৱতী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৩১ জানুৱাৰিত এই খেল’ ইণ্ডিয়া প্ৰতিযোগিতা উদ্বোধন কৰিছিল।

ভাৰত চৰকাৰে দেশত খেলৰ বিকাশৰ বাবে এই খেল’ ইণ্ডিয়া প্ৰতিযোগিতাৰ উদ্যোগ লৈছে।