NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত আলফা-কেন্দ্ৰৰ বৈঠক; “খিলঞ্জীয়াৰ ৰক্ষা কৱচ”ৰ বাদে বাকী বিষয় চূড়ান্ত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2019 11:06 pm
anup

দিল্লীত আলফাৰ প্ৰতিনিধি আৰু কেন্দ্ৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ মাজত আলোচনা সম্পন্ন হয় আৰু প্ৰক্ৰিয়াটোৰ অন্তিম পৰ্য্যায়ত উপনীত হৈছে দুয়োটা পক্ষ।

“হয়, আলোচনা প্ৰক্ৰিয়া অন্তিম পৰ্য্যায়ত আছে আৰু অহা দুমাহ মানৰ ভিতৰতে চুক্তি স্বাক্ষৰিত কৰাৰ আশা কৰিছো”, টাইমছ অব ইণ্ডিয়াত সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ উদ্ধৃতি।

আনহাতে আলোচনাটোত ভাগ লোৱা আন এজন আলফা নেতাই টাইমছ অব ইণ্ডিয়াক কয়, “মূল বিষয় “খিলঞ্জীয়াৰ ৰক্ষা কৱচ”ৰ বাদে আন প্ৰায়বোৰ বিষয়ত দুয়ো পক্ষ এটা সহমতত উপনীত হ’ব পৰা গৈছে। খিলঞ্জীয়া কোন, আমি সেইটো প্ৰথমে নিৰ্ধাৰণ কৰি ল’ব লাগিব।”

আজি অসমাপ্ত হৈ ৰোৱা বিষয়বোৰ আলোচনা কৰিবলৈ দুয়োটা পক্ষ কাইলৈও মুখামুখিকৈ বহিব।

“ইতিবাচক” আখ্যা দিয়া আজিৰ আলোচনাটোত সংগঠনটোৰ তিনিজন নেতাই অংশগ্ৰহণ কৰিছিল। তেওঁলোক হ’ল সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশ চৌধুৰী।

আনহাতে নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াই কয়, “আলোচনাটো ইতিবাচক আছিল আৰু আমি কাইলৈ আকৌ এলানি আলোচনাত বহিম”।

কেন্দ্ৰৰ মধ্যস্থতাকাৰী মাথুৰেও আজি দিল্লীত এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লওঁতে আলফা-কেন্দ্ৰ আলোচনাটো অন্তিম পৰ্য্যায়ত থকা বুলি ইংগিত দিয়ে।

মধ্যস্থতাকাৰীৰ ভূমিকা লৈ অহা মাথুৰ “ৰ”ৰ (Research and Analysis Wing) প্ৰাক্তন বিশেষ সচিব।

উল্লেখযোগ্য ২০০৮ চনত সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ ২৮ নং বেটেলিয়নে যুদ্ধ বিৰতি কৰাৰ পিছৰ পৰা কেন্দ্ৰৰ সৈতে আলোচনাৰ প্ৰয়াস চেগাচোৰোকাকৈ আৰম্ভ হৈছিল।

২০১১ চনত আলফা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় আৰু তাৰ পিছৰ পৰা আনুষ্ঠানিকভাৱে সংগঠনটোৰ প্ৰতিনিধি কেইবাবাৰো মিলিত হৈছে কেন্দ্ৰৰ মধ্যস্থতাকাৰীৰ সৈতে।

আনহাতে সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত এতিয়াও এটা বৃহৎ অংশই সাৰ্বভৌমত্বৰ দাবীৰে সশস্ত্ৰ বিদ্ৰোহ অব্যাহত ৰাখিছে।