NORTHEAST NOW (Assamese)
অসম

প্ৰদূষণৰ বাবে বাৰাণসীৰ মন্দিৰত ভগৱানৰ মূৰ্তিত পিন্ধোৱা হৈছে মাস্ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2019 11:02 am
Mask

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি তথা পৃথিৱীৰ পুৰণি জীৱন্ত চহৰ বাৰাণসীত বায়ু প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

গংগাৰ পাৰত অৱস্থিত হিন্দু ধৰ্মীয় লোকসকলৰ পবিত্ৰ তীৰ্থস্থান বাৰাণসীৰ মন্দিৰত থকা ভগৱানৰ মূৰ্তিটো মাস্ক পিন্ধাই দিয়া দেখা গৈছে।

বাৰাণসীৰ চিগ্ৰাত থকা বিখ্যাত শিৱ-পাৰ্ৱতী মন্দিৰৰ শিৱ, দুৰ্গা, কালী আৰু সাই বাবাৰ মূৰ্তিত প্ৰদূষণৰ পৰা ৰক্ষাৰ বাবে মাস্ক পিন্ধাই দিয়া হৈছে।

‘‘বাৰাণসীত ভগৱানক জীৱন্ত ৰূপত পূজা কৰা হয়। ঠাণ্ডা আৰু গৰমত ভগৱানৰ মূৰ্তিসমূহৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ দৰে প্ৰদূষণৰ সময়তো মাস্ক পিন্ধোৱা হৈছে,’’ এগৰাকী ভক্তই কয়।

আন এগৰাকী মন্দিৰৰ পুৰহিতে কয়, ”কালি মা খঙাল, প্ৰদূষণৰ বাবে যাতে ‘মা’ৰ খং নুঠে সেয়েহে এনেদৰে মাস্ক পিন্ধাই দিয়া হৈছে।”

তেওঁ ভগৱানৰ বেছি খং নুঠাৰ পূৰ্বে প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি সুস্থ প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰিব লাগে বুলি উল্লেখ কৰে।

উল্লেখ যোগ্য যে, দেশৰ ৰাজধানী নতুন দিল্লীকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰ প্ৰচণ্ড প্ৰদূষণৰ কৱলত পৰিছে।

উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্ৰদূষণৰ বাবে নৰা জ্বলোৱা প্ৰংসগত পঞ্জাৱ চৰকাৰক বুধবাৰে তীব্ৰ ৰ্ভংসনা কৰে।