NORTHEAST NOW (Assamese)
অসম

স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতত অনুষ্ঠিত হ’ব ২০২৩ চনৰ পুৰুষ হকী বিশ্বকাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2019 10:31 am
India Hockey team

ভাৰতত ২০২৩ চনৰ পুৰুষ হকী বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনে শুকুৰবাৰে ২০২৩ চনৰ পুৰুষ বিশ্বকাপ হকী প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

২০২৩ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব সেই উপলক্ষে হকী ইণ্ডিয়াই হকী বিশ্বকাপ আয়োজন কৰিব বিচাৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনে ভাৰতৰ এই ইচ্ছাৰ প্ৰতি সন্মান জনাই ভাৰতক প্ৰতিযোগিতাখন আয়োজনৰ দায়িত্ব অৰ্পন কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰত পুৰুষ হকী বিশ্বকাপ আনুষ্ঠিত হৈছিল।

২০২৩ চনৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আয়োজনৰ লগে লগে ভাৰত চাৰিবাৰ হকী বিশ্বকাপ আয়োজন কৰা দেশ হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ভাৰতে ১৯৮২, ২০১০ আৰু ২০১৮ চনত পুৰুষ হকী বিশ্বকাপ আয়োজন কৰিছিল।

ভাৰতত ২০২৩ চনৰ ১৩ জানুৱাৰিৰ পৰা ২৯ জানুৱাৰিলৈ পুৰুষ হকী বিশ্বকাপ অনুষ্ঠিত হ’ব।

বৰ্তমানলৈ হকী ইণ্ডিয়াই বিশ্বকাপ অনুষ্ঠিত হ’বলগীয়া স্থান ঘোষণা কৰা নায়।