NORTHEAST NOW (Assamese)
Popular Stories

অযোধ্যা গোচৰৰ ৰায়দানক লৈ সন্তুষ্টি প্ৰকাশ মুছলিম ছাত্ৰ সন্থাৰ

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস November 9, 2019 5:02 pm

অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ঐতিহাসিক ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাই।

উচ্চতম ন্যায়ালয়ে আজি উক্ত ৰায় ঘোষণা কৰাৰ পিছত বৰপেটাত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনে এই ৰায়ৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে।

মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিন

‘উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ক দেশবাসীয়ে মানি লোৱা উচিত’- নেতা গৰাকীয়ে কয়।

ৰাম মন্দিৰৰ ৰায়দান যিহেতু উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গতিকে ৰাম মন্দিৰৰ নাম লৈ যাতে কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ৰাইজক আহ্বান জনায় মুছলিম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে।

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া বিচাৰকৰ সাংবিধানিক বিচাৰপীঠে আজি কৰা ৰায়দান অনুসৰি বিবাদিত ভূমিখিনি হিন্দু সকলক দিয়াৰ বাবে নিৰ্দেশ দিছে।