NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি-বিপিএফৰ মিত্ৰতা অটুট আছে, ভৱিষ্যতেও থাকিব : ভৱেশ কলিতা

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক May 6, 2020 9:13 pm
Bhabesh kalita

বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ অহাকলৈ বিপিএফ-বিজেপিৰ মিত্ৰতাত কোনো ব্যাঘাত নজন্মে বুলি মন্তব্য কৰে ৰাজহ ,দুৰ্যোগ প্ৰশমন আৰু জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই।

আজি এক সংবাদমেলত মন্ত্ৰীজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে।

উল্লেখযোগ্য যে যোৱা ২৭ এপ্ৰিলত হাগ্ৰামা মহিলাৰী তিনিটা কাৰ্যকালৰ শাসন ওৰ পৰাৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে বিটিচিৰ শাসনভাৰ নিজৰ হাতলৈ আনে।

ইয়াক কেন্দ্ৰ কৰি বিপিএফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যপালে এই কাৰ্যৰ জৰিয়তে সংবিধানৰ চৰ্ত উলংঘা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

লগতে পঢ়কৰাজ্যপালে সংবিধানৰ চৰ্ত উলংঘা কৰিছে : সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিস্ফোৰণ

কিন্তু ইয়াৰ বিপৰীতে আজি বিজেপিৰ মন্ত্ৰী ভবেশ কলিতাই এই সিদ্ধান্তই দল দুটাৰ মাজত নেতিবাচক প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘আমি সকলোৱে মিলি বিপিএফৰ পৰা বিশ্বজিত দৈমাৰীক ৰাজ্যসভালৈ পঠোৱা হৈছে, চন্দন ব্ৰহ্ম, ৰিহণ দৈমাৰী, প্ৰমীলাৰাণী ব্ৰহ্মকে ধৰি দলটোৰ জ্যেষ্ঠ নেতাসকল মন্ত্ৰীসভাত আছে, বিপিএফৰ নেতাক ৰাজ্যৰ বিভিন্ন বিভাগত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে’।

‘গতিকে বিপিএফৰ লগত বিজেপিৰ সুন্দৰ  মিত্ৰতা সদায় আছে আৰু ভৱিষ্যতেও থাকিব।‘ বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ নিয়াৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে সেই  গোটেই কথা ৰাজ্যপালৰ ওপৰত নিৰ্ভৰ কৰে।

‘যিহেতু নিৰ্বাচনী প্ৰক্ৰিয়াৰে শাসন লোৱা পৰিষদৰ ম্যাদ উকলিছে, সেয়ে ৰাজ্যপালে বিটিচিৰ শাসনভাৰ নিজৰ অধীনলৈ আনি অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত এনে পদক্ষেপ হাতত লৈছে।‘ তেওঁ কয়।