NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত; আৰ টি আইৰ আওতালৈ আহিব মুখ্য ন্যায়াধীশৰ বিভাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 3:32 pm
CJI

‘‘তথ্য জনাৰ অধিকাৰ আইনৰ আওতালৈ আহিব ভাৰতীয় মুখ্য ন্যায়াধীশৰ বিভাগ কিন্তু স্বতন্ত্ৰতা আৰু গোপনীয়তাৰ অধিকাৰ অক্ষুণ্ণ থাকিব,’’ বুধবাৰে উচ্চতম ন্যয়ালয়ৰ পাঁচজনীয়া সাংবিধানক বিচাৰপীঠে এই ৰায় দিয়ে।

দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যাহবান জনাই তৰা এক গোচৰৰ ৰায় দি উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশৰ বিভাগ আৰ টি আই আইনৰ আওতালৈ কিছু চৰ্ত সাপেক্ষে আহিব বুলি উল্লেখ কৰে।

সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১২৪ অনুসৰি এই ৰায় দিয়ে। এই সিদ্ধান্তৰ পাছত কলেজিয়ামৰ ৰায় সমূহক উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত উপলব্ধ কৰা হ’ব।

উল্লেখযোগ্য যে, মুখ্য তথ্য আয়ুক্তই (চি আই চি) এটা আদেশত উচ্চতম ন্যায়ালয়ৰ বিভাগ আৰ টি আইৰ আওতালৈ আহিব বুলি কৈছিল। পৰৱৰ্তী সময়ত এই সিদ্ধান্তক দিল্লী উচ্চ ন্যায়ালয়েও সঠিক আখ্যা দিছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক উচ্চতম ন্যায়ালয়ে ২০১০ চনত প্ৰত্যাহ্বান জনায় আৰু সৰ্বোচ্চ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক স্থগিতাদেশ জাৰি কৰে।

পৰৱৰ্তী সময়ত বিষয়টো সংবিধানিক বিচাৰপীঠলৈ পঠাই দিয়া হয়। সংবিধানিক বিচাৰপীঠৰ সদস্য ন্যায়াধীশ এন চি ৰমণ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ দীপক গুপ্তাকে ধৰি পাঁচজনীয়া বিচাৰপীঠে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ বিভাগ আৰ টি আই আইনৰ অধীনলৈ আহিব বুলি ৰায়  প্ৰদান কৰে।