NORTHEAST NOW (Assamese)
অসম

অসম সন্তান কৰবী গগৈক ভাৰতীয় নৌ সেনাৰ প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচি এব্ৰ’ড নিযুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 7:51 pm
Karabi Gogoi

দেশৰ উল্লেখযোগ্য পদত পুনৰ এগৰাকী অসম সন্তান অধিস্থিত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভাৰতীয় নৌ সেনাত প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচি এব্ৰ’ড হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ জীয়ৰী কৰবী গগৈয়ে।

ৰাছিয়াত থকা ভাৰতীয় দূতাবাসত নিযুক্তি দিয়া হৈছে লেফটেনেণ্ট কামাণ্ডাৰ কৰবী গগৈক।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত কৰবী গগৈয়ে ৰাছিয়াৰ মস্কোত উপস্থিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, ভাৰতীয় বায়ু সেনা বাহিনীয়ে প্ৰথমগৰাকী মহিলা হিচাপে অঞ্জলি সিঙক ডিফেন্স এটাচি এব্ৰ’ড হিচাপে ৰাছিয়াত নিযুক্তি দিয়াৰ পাছতে ভাৰতীয় নৌ সেনা বাহিনীয়ো প্ৰথমগৰাকী মহিলা হিচাপে কৰবী গগৈক নাম নিৰ্বাচন কৰে।

ৰাছিয়াৰ ভাতীয় দূতাবাসত কাৰ্য্যভাৰ গ্ৰহণ কৰিবলগীয়া কৰবীয়ে ইতিমধ্যে ৰাছিয়ান ভাষাৰ শিক্ষা সম্পুৰ্ণ কৰিছে।

বৰ্তমান কৰ্ণাটকত থকা কৰবী গগৈ গুৱাহাটীত ডাঙৰ-দীঘল হৈছিল। কৰবীৰ স্বামী লেফটেনেণ্ট কামাণ্ডাৰ প্ৰাঞ্জল সন্দিকৈও এগৰাকী নৌ সেনা বিষয়া।