NORTHEAST NOW (Assamese)
অসম

মহানগৰীত চাৰিমহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰ্কট ৰোগত আক্ৰান্ত মহিলাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 14, 2019 5:30 pm
বৃদ্ধা

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ যুৱ নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মানসিকভাবে ভাঙি পৰা এগৰাকী বৃদ্ধাই নিজৰ চাৰিমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।

জানিব পৰা মতে, সদানন্দ দেউৰীৰ পত্নী শেৱালি দেউৰী (৫৫) দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ মানসিক অশান্তিত ভুগি আহিছিল। শেৱালি দেউৰী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে পুৱা  প্ৰায় ১০ বজাত শেৱালি দেউৰীয়ে চাৰিমহলীয়া অট্টালিকাৰ ওপৰলৈ গৈ থকা অৱস্থাত ভাৰাতীয়া লোক সকলে বাধা প্ৰদান কৰিছিল।

পাছত শেৱালি দেউৰীয়ে অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই দিয়ে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

চাৰি মহলীয়া অট্টালিকাৰ পৰা জপিওৱাৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয়।

পাছত ঘটনাস্থলীত 108 এম্বুলেন্স সেৱা উপস্থিত হৈ আৰক্ষীৰ সহায়ত মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হয়।

ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।