NORTHEAST NOW (Assamese)
অসম

অনিল আম্বানিয়ে পদত্যাগ কৰিলে ৰিলায়েন্সৰ সঞ্চালকৰ পদৰ পৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2019 7:23 pm
Anil Ambani

দেউলীয়া ঘোষিত হোৱা ৰিলায়েন্স কমিউনিকেইশ্যন্সৰ সঞ্চালক হিচাপে পদত্যাগ কৰিলে অনিল আম্বানিয়ে।

ভাৰতীয় উদ্যোগ জগতৰ আজিৰ এই বৃহৎ ঘটনাটোত অনিল আম্বানিৰ উপৰি আন চাৰিজনেও সঞ্চালকৰ পদৰ পৰা নিজৰ পদত্যাগ ঘোষণা কৰে। তেওঁলোক হ’ল চাহায়া বীৰানী, ৰীনা কৰনী, মঞ্জৰী কেকাৰ আৰু সুৰেশ ৰংগাচৰ।

কোম্পানিটোৱে বোম্বেই ষ্টক এক্সেইঞ্জক আজি দিয়া এখন জাননীত এই কথা প্ৰকাশ পাইছে।

“ইয়াৰ পূৰ্বে মনিকান্তন ভি-এও কোম্পানিটোৰ এজন সঞ্চালক হিচাপে আৰু লগতে মুখ্য বিত্ত বিষয়া হিচাপে পদত্যাগ পত্ৰ দিছিল। উপৰোক্ত পদত্যাগপত্ৰকেইখন বিবেচনাৰ বাবে কোম্পানিটোৰ কমিটী অব ক্ৰেডিটৰৰ আগত দাখিল কৰা হ’ব”, কোম্পানিটোৱে কয়।

বিত্তীয় বছৰটোৰ দ্বিতীয় চতুৰ্থাংশত কোম্পানিটোৰ ৩০,১৪২ কোটি টকা লোকচান হোৱাৰ তথ্য ১৫ নৱেম্বৰত প্ৰকাশ হৈছিল আৰু তাৰ পিছতে এই অগ্ৰগতি দেখা যায়।

যোৱা অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়ত টেলিকম কোম্পানিবোৰক বৃহৎ পৰিমাণৰ ধন অনুজ্ঞাপত্ৰৰ মাচুল আৰু স্পেকট্ৰাম ব্যৱহাৰৰ (adjusted gross revenue) বাবে দিবলৈ নিৰ্দেশ দিছিল, যিটোৱে কোম্পানিবোৰক চৰকাৰক বহু হাজাৰ কোটি টকাকৈ দিবলৈ বাধ্য কৰিছিল।

ৰিলেয়ান্স কমিউনিকেইশ্যনে দিব লগীয়া এই পৰিমাণ আছিল ২৮,৩১৪ কোটি টকা।