NORTHEAST NOW (Assamese)
অসম

৬৭০০ এন আৰ চি কৰ্মচাৰীৰ দৰমহা এতিয়াও মুকলি হোৱা নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2019 9:11 pm
Logo_of_NRC_Assam Salaries of 6700 NRC employees yet to be released

এন আৰ চি উন্নীতকৰণৰ সৈতে জৰিত কমেও ৬৭০০ গৰাকী  চুক্তিভিত্তিক কৰ্মচাৰীৰ দৰমহা এতিয়াও মুকলি হোৱা নাই, সূত্ৰত প্ৰকাশ।

WIPROৰ প্ৰায় ৫৫০০ চুক্তিভিত্তিক কৰ্মচাৰীয়ে এতিয়ালৈকে তেওঁলোকৰ দৰমহা পোৱা নাই, যাৰ কাৰণে বেছিখিনি কৰ্মচাৰীয়ে বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰত তেওঁলোকৰ বাকী থকা কাম স্থগিত ৰাখিছে,” সূত্ৰটোৱে লগতে কয়।

প্ৰাক্তন ৰাজ্যিক এন আৰ চি সমন্বয়ক প্ৰতীক হাজেলাৰ স্থানত হিতেশ দেৱ শৰ্মাক বহুওৱাৰ পিছত ৰাজ্যৰ এন আৰ চি প্ৰক্ৰিয়াটো ‘বছ’হীনভাৱে চলি আছে।

কেন্দ্ৰ আৰু অসম দুয়ো চৰকাৰৰে প্ৰতি তীৰ টোঁৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMS) কৈছিল, “এই কৰ্মচাৰীসকলৰ দৰমহা ৰখাই থোৱাটো কেন্দ্ৰ আৰু অসম চৰকাৰৰ এক ষড়যন্ত্ৰ।”

“এই কৰ্মচাৰীসকলৰ বাকী থকা দৰমহা তৎকালে মুকলি কৰি দিবলৈ আমি দাবী জনাইছো,” কে এম এচ এচে লগতে কয়।

এই বছৰৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিৰ পৰা ১৯ লাখৰ অধিক লোক বাদ পৰিছিল।