NORTHEAST NOW (Assamese)
অসম

বোকাখাতত মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ শুভাৰম্ভণি; পৰীক্ষাগাৰ মুকলি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া November 19, 2019 10:14 pm
Bokakhat story

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু এইচ এল এল আই লাইফকেয়াৰ লিমিটেডৰ যৌথ প্ৰচেষ্টাত ৰাজ্যত আৰম্ভ কৰা মুখ্য মন্ত্ৰীৰ বিনামুলীয়া ৰোগ নিৰ্ণায়ক সেৱা আজিৰে পৰা বোকাখাততো আৰম্ভ কৰা হয়।

বোকাখাতৰ চহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ এটা পৰীক্ষাগাৰত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মহকুমাধিপতি গৰাকীৰ উপৰিও মহকুমা স্বাস্থ্য বিষয়া ভাৰত ফুকন, ৰাজহ চক্ৰ বিষয়া খনীন দাস, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, বিজেপিৰ মণ্ডল সভাপতি জীৱেশ্বৰ হাজৰিকাৰ উপৰিও অসামৰিক চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰীও উপস্থিত থাকে।

সকলোৰে উপস্থিতিত মহকুমাধিপতিয়ে ফিটা কাটি এই সেৱা মুকলি কৰে৷ অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডা৹ ভাৰত ফুকনে বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ দ্বাৰা স্থানীয় লোকে বিভিন্ন ৰোগৰ মুঠ ৪৩ টা পৰীক্ষা বিনামূলীয়াকৈ এতিয়া বোকাখাত অসামৰিক চিকিৎসালয়ৰ পৰীক্ষাগাৰতেই কৰিব পাৰিব বুলি জনায়।

বিনামুলীয়া এই সেৱা দিনৰ ২৪ ঘন্টাই খোলা থাকিব বুলি ফুকনে জানিবলৈ দিয়ে ৷সম্প্ৰতি বিনামূলীয়া সেৱাৰ বাবে ৪ গৰাকী লেবৰেটৰী টেকনিছিয়ানক নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰোগ নিৰ্ণায়ক পৰীক্ষাৰ বাবে বোকাখাতৰ পৰা নমুনা সংগ্ৰহ কৰি গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছিল৷ যাৰ বাবে পৰীক্ষাৰ ফলাফল লাভ কৰোতে যথেষ্ট পলম হৈছিল।

এতিয়া বোকাখাততে এই সেৱা মুকলি হোৱাৰ পাছত মাত্ৰ ৩ ঘন্টাৰ ভিতৰতে পৰীক্ষা ফলাফল লাভ কৰিব ৰোগীসকলে।