কোকৰাঝাৰৰ ডিটেনশ্যন কেম্প পৰিদৰ্শন কৰিলে পৰ্য্যবেক্ষক কমিটিৰ দলে

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰি অসমৰ বিভিন্ন ডিটেনশ্যন কেন্দ্ৰত বন্দী হৈ থকাসকলৰ অৱস্থা পৰিদৰ্শন কৰাৰ বাবে গঠিত এটা ৮ জনীয়া পৰ্য্যবেক্ষক কমিটিৰ দলে মঙলবাৰে কোকৰাঝাৰৰ ডিটেনশ্যন কেম্প পৰিদৰ্শন কৰে।
ডি আই জি (সীমান্ত) ডি মুখাৰ্জীৰ নেতৃত্বত যোৱা দলটোৱে সন্তানসহ মহিলা বন্দিসকল থকা কোকৰাঝাৰ জে’লৰ ডিটেনশ্যন কেন্দ্ৰটো পৰিদৰ্শন কৰে। দলটোত কাৰাগাৰ মহা পৰিদৰ্শক বি শৰ্মা, কাৰাগাৰৰ সহকাৰী মহা পৰিদৰ্শক ডি শইকীয়াও আছিল।
সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত ৮ জনীয়া কমিটিখনৰ অধ্যক্ষ মুখাৰ্জীয়ে কয় যে তেওঁলোকে কাৰাবন্দীসকলৰ স্বাস্থ্যৰ অৱস্থা, আইনী সাহায্য, গ্ৰহণ কৰা খাদ্যৰ গুণাগুন আৰু পৰিস্কাৰ-পৰিচ্চন্নতা ইত্যাদিৰ বুজ লয়।
ইয়াৰ উপৰি কমিটিখনে কেন্দ্ৰটোত থকা শিশুসকলৰ পঢ়া-শুনাৰ দিশটোত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
তেওঁ আৰু জনাই যে উক্ত কমিটিয়ে ৰাজ্যৰ মুঠ ৬টা ডিটেনচন কেন্দ্ৰ পৰিদৰ্শন কৰি অহা তিনি মাহৰ ভিতৰত তাৰ সম্পূৰ্ণ প্ৰতিবেদন জমা দিব।