NORTHEAST NOW (Assamese)
Popular Stories

অৰুন্ধতী স্বৰ্ণ আঁচনিত অনুমোদন কেবিনেটৰ; কইনাৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 20, 2019 2:40 pm

অসম কেবিনেটে অৰুন্ধতী স্বৰ্ণ আঁচনি অনুমোদন জনাইছে। আজি এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়।

তেওঁ কয়, ‘এই আঁচনিৰ মূল লক্ষ্য বিবাহখন পঞ্জীয়ন কৰা। আঁচনিৰ লাভ পাবলৈ বিয়া পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ছোৱালীৰ ১৮ বছৰ বয়স আৰু ল’ৰাৰ ২১ বছৰ হ’ব লাগিব।’

অহা ১ জানুৱাৰীৰ পৰা উক্ত আঁচনি প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘১ জানুৱাৰীৰ পিছত হোৱা বিয়াতহে এই সুবিধা লাভ কৰিব পাৰিব। কইনাৰ বয়স ১৮ বছৰ আৰু দৰাৰ ২১ বছৰ হ’ব লাগিব। Special Marriage Act 1954 ত পঞ্জীয়ন কৰিব লাগিব।’

এই আঁচনিৰ বাবে revenueassam.nic.inত অনলাইন যোগে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয়, ‘চক্ৰ বিষয়া কাৰ্যালয়তো বিয়া পঞ্জীয়ন কৰিব পাৰিব। ২০১৯ ডিচেম্বৰত সামাজিকভাৱে বিয়া পতা লোকে ১ জানুৱাৰী ২০২০ত পঞ্জীয়ন কৰিলে এই আঁচনিৰ সুবিধা পাব।’

আনহাতে আঁচনিৰ সুবিধা পাবৰ বাবে দৰা কইনা মেট্ৰিক পাছ হ’ব লাগিব। অৱশ্যে চাহ বাগিচা আৰু আদিবাসী লোক এই আঁচনিৰ বাবে মেট্ৰিক পাছ হোৱাটো বাধ্যতামূলক নহয় বুলি তেওঁ জনায়।

অৱশ্যে সোণৰ দাম বাঢ়িলেও অৰুন্ধতী আঁচনিৰ টকা বৃদ্ধি নহয় বুলি উল্লেখ কৰি শৰ্মাই কয় যে উক্ত আঁচনিৰ বাবে বছৰি ৮০০ কোটি টকা নিৰ্ধাৰিত কৰা হৈছে।

‘আঁচনিৰ ধনৰ পইচা ছোৱালীজনীৰ একাউণ্টত যাব। ছোৱালীজনীয়ে সোণ ক্ৰয় কৰি পঞ্জীয়কৰ ওচৰত ৰচিদ জমা দিব লাগিব। ছোৱালীৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ’ব লাগিব।’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।