অষ্টম বি ডিৱিজন ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা হকি প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী অসম দল

অষ্টম বি ডিৱিজন ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা হকি প্ৰতিযোগিতা ২০১৮ত অসম দলে বিজয়ীৰ খিতাপ দখল কৰিছে।
কুঁৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত কৰ্নাটকৰ কুৰ্গ হকি দলক অসমৰ ছাব-জুনিয়ৰ মহিলা দলটোৱে চাৰি-শূন্য গ’লত পৰাস্ত কৰে।
হকি ইণ্ডিয়াই আয়োজন কৰা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন যোৱা ২৯ জানুৱাৰীৰ পৰা কলীয়াবৰত অনুষ্ঠিত হৈ আহিছিল।
উত্তৰাখণ্ড হকি দলে প্ৰতিযোগিতাখনত তৃতীয় স্থান দখল কৰে।
প্ৰতিযোগিতাখনৰ বঁটাসমূহ প্ৰদান কৰে জলসম্পদ তথা বিজ্ঞান-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগাওঁ জিলাৰ উপায়ুক্ত চামচেৰ সিং আৰু জিলা আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে।