NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডত বিজেপিৰ হৈ প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰী মোদীয়ে

Posted by: এন ই নাও নিউজ February 6, 2018 10:52 pm
Nagaland Assembly Election

আসন্ন নাগালেণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বিজেপি প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰী মোদীৰ লগতে দলৰ আন আন নেতাই।

নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা আজি জনোৱা অনুসৰি ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে ৰাজনাথ সিং, অৰুণ জেটলী, নীতিন গাডকাৰী, সুষমা স্বৰাজ, নিৰ্মলা সীতাৰামন, স্মিতী ৰাণী, কিৰেন ৰিজিজু, ৰাজেন গোহাঁইয়ে প্ৰচাৰ চলাব।

তেওঁলোকৰ উপৰি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনলৈ গৈ দলৰ বাবে প্ৰচাৰ চলাব।

এইবাৰ নিৰ্বাচনত বিজেপিয়ে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ৰ নেতৃত্বাধীন এন ডি পি পিৰ সৈতে আসনৰ বুজাবুজি কৰিছে।

জানিব পৰা মতে মুঠ ৬০ খন আসনৰ নিৰ্বাচনটোত বিজেপিয়ে ২০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এন ডি পি পিয়ে ৪০ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে উক্ত নিৰ্বাচনৰ বাবে ইতিমধ্যে এন পি চি চিয়ে ২৩ জন সদস্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ বিপৰীতে এন পি পি দলে ২৮ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।