NORTHEAST NOW (Assamese)
Popular Stories

‘সংস্কৃত’ পঢ়াবলৈ ৰামকৃষ্ণ মিশ্যনে নিযুক্তি দিলে মুছলমান অধ্যাপকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2019 10:34 am
RK_Mission_Vidyamaqndir

বেনাৰস হিন্দু য়ুনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীয়ে ফিৰোজ খান নামৰ এজন মুছলমানক সংস্কৃত বিভাগত অধ্যাপক হিচাপে নিযুক্তি দিয়াক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে পশ্চিমবংগৰ ৰামকৃষ্ণ মিশ্যন বিদ্যামন্দিৰে সংস্কৃত বিভাগত নিযুক্তি দিছে এগৰাকী মুছলমান অধ্যাপকক।

ৰমজান খান নামৰ মুছলমান অধ্যাপক গৰাকীৰ উপৰি জনজাতীয় গনেশ টুডু নামৰ এজনকো অধ্যাপক হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে, বেনাৰস হিন্দু য়ুনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰী সকলে মুছলামান অধ্যাপকৰ পৰা সংস্কৃতৰ পাঠ গ্ৰহণ নকৰে বুলি উপাচাৰ্যৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ সময়তে আৰ কে মিশ্যনৰ এই পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ।

বেংগলত এনেধৰণৰ ঘটনা পূৰ্বেও ঘটিছে য’ত চেইখ চবিৰ আলী নামৰ এজনে কলকাত্তা য়ুনিভাৰ্চিটিৰ পৰা সংস্কৃত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। বৰ্তমান তেওঁ বৰচাতস্থিত ৱেষ্ট বেংগল ষ্টেট য়ুনিভাৰ্চিটিৰ সংস্কৃত বিষয়ৰ অধ্যাপক।

আনহাতে, বিদ্যামন্দিৰত ২০০০ চনতে চামিম আহমেদ নামৰ এজনক দৰ্শন বিভাগত নিযুক্তি দিয়া হৈছিল। পিছত তেওঁ ‘মহাভাৰত’ৰ ওপৰত পি এইচ ডি গ্ৰহণ কৰে আৰু বৰ্তমান তেওঁ বিদ্যামন্দিৰৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক।

চামিম আহমেদে যোৱা দুটা দশক ধৰি ভাৰতীয় দৰ্শনৰ বিষয়ে পাঠদান কৰি আহিছে। আহমেদৰ লগতে ফৰিদুল আহমেদ নামৰ এজনো বিভাগটোত আছে।

২০১৮ চনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ‘প্ৰিমিয়াৰ কলেজ’ হিচাপে ঘোষণা কৰা ভাৰতৰ এখন আগশাৰীৰ তথা উন্নতমানৰ শিক্ষা প্ৰতিষ্ঠান হৈছে বিদ্যামন্দিৰ।

স্বামী বিবেকানন্দৰ আদৰ্শেৰে পৰিচালিত ৰামকৃষ্ণ মিশ্যন বিদ্যামন্দিৰৰ শেহতীয়া মুছলমান অধ্যাপক নিযুক্তিৰ বিষয়টোৱে তাৎপৰ্য বহন কৰাৰ লগতে নিশ্চিতভাৱে দেশৰ বাবে এয়া সহনশীলতাৰ উদাহৰণ।