NORTHEAST NOW (Assamese)
অসম

চুৰি কৰিবলৈ একেলগে ৮ টা জিনছ পেণ্ট পিন্ধি ধৰা পৰিল এগৰাকী মহিলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 9:45 am
Venijuala story

অভিনৱ কৌশলেৰে কাপোৰ চুৰি কৰিবলৈ গৈ ধৰা পৰিব লগা হ’ল এগৰাকী ভদ্ৰ মহিলা।

ঘটনাটো ভেনিজুৱেলাৰ এখন শ্বপিং মলত সংঘটিত হৈছে।

জানিব পৰা মতে ভেনিজুৱেলাৰ এগৰাকী মহিলাই শ্বপিং মললৈ কাপোৰ ক্ৰয় কৰিবৰ বাবে যায়।

শ্বপিং মলত প্ৰৱেশ কৰিয়ে মহিলাগৰাকীয়ে নিজৰ বাবে জিনছ পেণ্ট পছন্দ কৰে।

মহিলাগৰাকীয়ে পেণ্ট চুৰি কৰাৰ ইচ্ছাৰে এটা পেণ্টৰ ওপৰত এটা, এনেকৈ মুঠ আঠটা জিনছ পেণ্ট একেলগে পিন্ধে আৰু শ্বপিং মলখনৰ পৰা ওলাই আহে।

এই সমগ্ৰ দৃশ্য শ্বপিং মলখনৰ গোপন কেমেৰাত বন্দী হৈ আছিল যাৰ বাবে মহিলাগৰাকী ধৰা পৰিবলগীয়া হয়।

পৰৱৰ্তী সময়ত হাতে লোটে ধৰা মহিলাগৰাকীয়ে এটাৰ পাছত এটাকৈ জিনছ পেণ্ট খুলাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ছ’চিয়েল মিডিয়াত এগৰাকী ইউজাৰে এনেদৰে লিখে, ‘‘তেওঁ এগৰাকী যাদুকৰৰ দৰে। মই মাত্ৰ দুটা পেণ্টহে পিন্ধিব পাৰো, কি আচৰিত কৌশল’’।