NORTHEAST NOW (Assamese)
অসম

ব্যক্তিগতকৰণ হোৱা নাই ভাৰতীয় ৰে’লৱেৰ; ৰাজ্যসভাত ৰেল মন্ত্ৰী পিযুষ গোৱেলৰ উত্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2019 2:05 pm
piyush-goyal

ৰেল মন্ত্ৰী পিযুষ গোৱেলে শুকুৰবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’লৱেক ব্যক্তিগতকৰণ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে।

ৰাজ্যসভাত ৰেল সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত গোৱেলে কয়, ‘‘ভাৰতীয় ৰে’লৱেক চৰকাৰে ব্যক্তিগতকৰণ কৰা নাই মাত্ৰ পৰিচালনাৰ সুবিধাৰ্থে নিৰ্দিষ্ট কিছু সেৱা ব্যক্তিগত প্ৰতিষ্ঠানক দিয়া হৈছে যাৰ দ্বাৰা যাত্ৰীসকল উপকৃত হ’ব’’।

আনহাতে, অনাগত বাৰ বছৰত ভাৰতীয় ৰে’লৱেক পৰিচালনা কৰাৰ ক্ষেত্ৰত বৃহৎ পৰিমানৰ ধনৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি গোৱেলে এইক্ষেত্ৰত ব্যক্তিগত বিনিয়োগৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰে।

ব্যক্তিগত বিনিয়োগৰ ফলত বৰ্তমান ৰে’ল বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী সকলৰ কোনোধৰণৰ ক্ষতি নহয় বুলিও ৰেল মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’লৱেক ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গটাই দিব বুলি বাতৰি প্ৰকাশ পাই আহিছিল যদিও আজি ৰাজ্যসভাত ৰেল মন্ত্ৰীৰ উত্তৰত ভাৰতীয় ৰে’লৱেক ব্যক্তিগতকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা কথাটো স্পষ্ট হৈ পৰিল।