NORTHEAST NOW (Assamese)
অসম

পাৰ্টি ছীজনত কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2019 8:33 pm
Kill hangovers, choose right drinks

আগত নতুন বছৰ। পিছে এইহেন পাৰ্টি ছীজনত আপুনি কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ?

আটাইতকৈ সহজ, চিধা দিহা হ’ল—মদ নাখাব, খালে কমকে খাব; নহ’লে মাজে মাজে পানী খাই থাকিব।

কিন্তু, সকলোৰে কাৰণেতো কথাটো তেনে নহয়! মদ খাবই লাগিব, কমকে নহয় হিয়া জুৰাই খাব লাগিব, নিচাৰোতো আছে এক সুকীয়া নিচা!!

ব’লক চাওঁ, হেংঅ’ভাৰ গুচাবলৈ বিজ্ঞান-নিৰ্ধাৰিত কিবা ৰাস্তা আছে নেকি?

ৰক্ষা, আছে! গৱেষকে ইয়াৰো চিন্তা চলাই আছে।

ইউ এছৰ ৰ’দ আইলেণ্ডৰ ব্ৰাউন ইউনিভাৰ্ছিটিৰ এদল গৱেষকে ইয়াৰ ওপৰত গৱেষণা চলাইছে আৰু কিছু তথ্য বাহিৰ কৰিছে।

তেওঁলোকৰ গৱেষণাপত্ৰত কোৱা হৈছে, হেংঅ’ভাৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে মদত থকা কনজিনাৰ (Congener)ৰ।

কনজিনাৰ কি? ই হৈছে মদ প্ৰস্তুতি পৰ্বত বাহিৰ হোৱা এবিধ উপজাত দ্ৰৱ্য।

মদত কনজিনাৰৰ মাত্ৰা যিমানে বেছি থাকে, সিমানে তাৰ হেংঅ’ভাৰৰ কোবো বেছি হয়।

পিছে মদ খাবহে, গৱেষণাটো নকৰে; কেনেকে জানিব কোনটো মদত কিমান সেইটো, মানে কনজিনাৰ থাকে?

চিম্পল! মদৰ ৰঙেই আপোনাক দিব কনজিনাৰৰ পৰিমাণৰ সম্ভেদ। যি মদ অধিক ৰঙীন তাত কনজিনাৰৰ মাত্ৰাও অধিক।

অৰ্থাৎ ৰে’দ ৱাইন বা আনকি বিয়েৰ বা ৱিস্কি, ব্ৰেন্দি বা ৰামত কনজিনাৰ বেছি, কিন্তু ৱাইট ৱাইন বা ৱদকা বা জিনত কনজিনাৰ কম।

বহুটো আন গৱেষকে পিছে ইয়াক সিদ্ধান্তদায়ী গৱেষণা বুলি মানিব খোজা নাই। মদত থকা আন কিছুমান দৱ্য যেনে—হিস্তামিন, চালফাইট আদিৰ ভূমিকাৰ কথাও তেওঁলোকে কৈছে।

কৈছে বয়স আৰু ব্যক্তিভেদৰ কথাও, বুঢ়া মানুহৰ হেংঅ’ভাৰ বেছি হয়।

হ’ব আৰু! খোৱা বস্তুক লৈ কিমান পঢ়িব, খোৱাতোহে মেইন।

তথাপি আৰু এটা কথা— তলৰ তথ্যটো পশ্চিমৰ মানুহৰ বিশ্লেষণী চিন্তা (analytical thinking)ৰ উদাহৰণৰূপে দিয়া হৈছে। 

ইনষ্টিউট অৱ এলক’হল স্তাদিজৰ হিচাপত, ইউ কেৰ অৰ্থনীতিত হেংঅ’ভাৰৰ বাৰ্ষিক ব্যয় ১.৪ বিলিয়ন পাউণ্ড (১২৮৯৭,৩,৯৭০,০৪৮ টকা)!! 

কেনে?? 

সেয়ে বিধিসন্মত সতৰ্কীকৰণ: মদপান স্বাস্থ্যৰ পক্ষে হানিকাৰক। আমাৰ ইয়াতো হেংঅ’ভাৰ হয় আৰু স্বাস্থ্য, ধন, কৰ্ম, দুৰ্ঘটনা সব মিলাই তাৰো এটা অৰ্থনীতি আছে।