NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশত আলফা স্বাধীনৰ বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2019 12:15 pm

বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে আলফা স্বাধীনৰ এক বিশাল অস্ত্ৰভাণ্ডাৰ। প্ৰাপ্ত তথ্য মতে অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত ১৩টা ৰকেট লাঞ্চাৰো আছে।

বাংলাদেশ সেনা আৰু ৰেপিড একচন বেটেলিয়ন (RAB)ৰ এটা যুটীয়া দলে অসম আৰু ত্ৰিপুৰাৰ সীমান্তৱৰ্তী বাংলাদেশৰ হাবিগঞ্জ জিলাৰ সাতচড়ি জাতীয় উদ্যানত অভিযান চলাই উক্ত অস্ত্ৰভাণ্ডাৰটো উদ্ধাৰ কৰে।

 

যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ সামৰণি পৰে শনিবাৰে আৱেলি। ঘটনা সংক্ৰান্তত এই পৰ্যন্ত কোনো লোকক আটক কৰা হোৱা নাই।

ইয়াৰ পূৰ্বে যোৱা জুন মাহত ৰেপিড একচন বেটেলিয়নে সাতচড়ি জাতীয় উদ্যানত অভিযান চলাই ৰকেট লাঞ্চাৰ, মেচিন গানসহ ১২,০০০টা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল।

সেই সময়ত RAB-এ উদ্যানখনত তিনিবাৰ তালাচী চলাইছিল।

উল্লেখযোগ্য যে ২০০৪ চনত বাংলাদেশ সেনাই চিটাগাঙৰ সমীপত চলোৱা এক অভিযানত আলফাৰ সেনাপ্ৰধান পৰেশ বৰুৱাই চীনৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰি অনা অস্ত্ৰভৰ্তি ১০খন ট্ৰাক জব্দ কৰিছিল।

উক্ত অস্ত্ৰ সৰবৰাহৰ গোচৰত জড়িত থকা বুলি সাব্যস্ত হোৱাৰ পিছত পৰেশ বৰুৱাৰ ওপৰত বাংলাদেশৰ এখন আদালতে মৃত্যুদণ্ড ৰায় ঘোষণা কৰিছিল।