NORTHEAST NOW (Assamese)
অসম

কোচ ৰাজবংশী সকলক শীঘ্ৰে জনজাতিকৰণ কৰক : সাংসদ নৱ কুমাৰ শৰণীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2019 5:50 pm
Naba kumar Sarania

টংলাত অনুষ্ঠিত হোৱা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ এখন সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কেন্দ্ৰ চৰকাৰক শীঘ্ৰে কোঁচ ৰাজবংশী সকলক অনুসূচিত জনজাতিৰ মৰ্যদা দিয়াৰ বাবে দাবী জনায়।

আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ মুকলি সভাত দেওবাৰে কোকৰাঝাৰৰ সাংসদ গৰাকীয়ে অংশগ্ৰহণ কৰি কোচ ৰাজবংশী সকলৰ অধিকাৰৰ সপক্ষে মাত মাতে।

‘‘যদিহে শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যদা দিয়া নহয় তেন্তে তেওঁলোকে বিটিচিত সোনকালে সামাজিক আৰু ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাব,’’ শৰণীয়াই কয়।

‘‘ভাৰতীয় সংবিধানে প্ৰতিটো জাতি-জনগোষ্ঠীকে নিজৰ সামাজিক, ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিছে আৰু সেয়া সম্পূৰ্ণৰূপে পালন কৰাটো দেশৰ প্ৰতিগৰাকী জনসাধাৰণৰ অধিকাৰ,’’ সাংসদ গৰাকীয়ে লগতে কয়।

সমৃদ্ধ উত্তৰাধিকাৰ আৰু ইতিহাস থকা সম্প্ৰদায় সমূহক কোনোকাৰণতে বঞ্চিত কৰিব নোৱাৰিব বুলিও সাংসদগৰাকীয়ে ভাষণত উল্লেখ কৰে।

আনহাতে, ২০২০ বিটিচি নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি শৰণীয়াই আগন্তুক বিটিচি নিৰ্বাচনত অঞ্চলটোৰ জনসাধাৰণে দীৰ্ঘদিনীয়া বঞ্চনাৰ উত্তৰ দিব বুলি কয়।

‘‘এয়া দীৰ্ঘদিনীয়া বঞ্চনাৰ উত্তৰ দিয়াৰ সুবৰ্ণ সময়, জনসাধাৰণে বহু দিন চৰকাৰৰ বঞ্চনাৰ সাক্ষী হ’ল,’’ নৱ কুমাৰ শৰণীয়াৰ মন্তব্য।