NORTHEAST NOW (Assamese)
অসম

“মোদীৰ ভৰি চেলেকা বাদ দি অসম কণ্ঠ হোৱা’’: অগপ বৰঘৰত কল টু এক্সন প’ষ্টাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 28, 2019 6:20 pm

অসম গণ পৰিষদ নেতাৰ মুখত নাগৰিকত্ব বিধেয়কবিৰোধী গৰম সংলাপ এতিয়াও শুনা নগ’লেও প্ৰতিবাদৰ উত্তাপে দলটোৰ মুখ্য কাৰ্য্যালয় কোবাই গৈছে।

অসম আন্দোলনৰ স্মৃতি পুনৰ সজীৱ কৰি কোনো অচিনাক্ত লোকে বুধবাৰে নিশা কাৰ্য্যালয়টোৰ সন্মুখৰ দেৱাল আৰু মূল গে’টত ওলোমাই গ’ল অগপ নেতৃত্বৰ প্ৰতি জাতীয়তাবাদী আহ্বান।

“কল টু এক্সন (CTA)” শ্ল’গানভৰা প’স্তাৰসমূহৰ ভিদিঅ’ চ’চিয়েল মিদিয়াৰ জৰিয়তে অসমজুৰি ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

লিখা আছে প’ষ্টাৰসমূহত— “মোদীৰ ভৰি চেলেকা বাদ দি অসম তথা অসমীয়াৰ কন্ঠ হোৱা, জাতিৰ কথা কৈ গাদীখন ল’লা, জাতিয়ে মাতিলত নাগপুৰত শুলা। ক্ষমতালোভীৰ গাদী হাতত, অসমীয়াৰ জাতিপ্ৰেম লাচিতৰ উত্তপ্ত তেজত” ইত্যাদি।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসম আন্দোলনৰ বুকুত জন্ম জাতীয়তাবাদী-আঞ্চলিকতাবাদী অগপ নেতাৰ নীৰৱতাৰ বিৰুদ্ধেই যে এই প’স্তাৰিং সেয়া কাৰ্য্যতঃ স্পষ্ট।

“জাতি বিক্ৰী কৰিব খোজা অগপ দল মুৰ্দাবাদ, কেব সমৰ্থন কৰা দালাল আঞ্চলিকতাবাদী নেতা হুঁচিয়াৰ,” আন কিছুমান শ্ল’গান।

অগপই শেহতীয়াকৈ গঠন কৰা অসম ছাত্ৰ পৰিষদক লৈয়ো প’স্তাৰসমূহত অসন্তুষ্টি কৰা দেখা গৈছে: “AGPৰ নেতা-কৰ্মীসকল ছাত্ৰক লৈ ৰাজনীতি কৰা বাদ দিয়ক, অতুল কাকু হায় হায়, স্বাৰ্থন্বেষীৰ স্বাৰ্থ আগত”।

CAB: AGP HQ witnesses Call to action postering
অগপ মুখ্যালয়ত প’ষ্টাৰৰ ছবি।

 

আন এখন প’স্তাৰে অগপ নেতাৰ বিৰুদ্ধে ছাত্ৰশক্তিক বিভাজিত কৰাৰ অভিযোগো তুলিছে।

“ছাত্ৰশক্তিক বিভাজিত কৰাৰ ব্যৰ্থ চেষ্টা অনৰ্থক, ছাত্ৰশক্তি এক, ইয়াৰ প্ৰভাৱ অনেক,” প’ষ্টাৰখনত উল্লেখ।

ইপিনে, এই প’ষ্টাৰসমূহ সন্দৰ্ভত অগপ নেতৃত্বই অজ্ঞতা প্ৰকাশ কৰিছে।

“মই এইমাত্ৰ আমবাৰী কাৰ্য্যালয়ৰ পৰা ওলাই আহিছো। মোক কোনেও একো কোৱা নাই এই সন্দৰ্ভত। মই পাঁচ মিনিট আগতে ওলাই আহিছো,” কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই নৰ্থইষ্ট নাওক জনায়।

কেন্দ্ৰ বিধেয়কখন গ্ৰহণৰ বাবে সাজু হোৱাৰ মুহূৰ্ততো অগপ নেতাসকলৰ নিষ্ক্ৰিয় স্থিতিয়ে দলটোৰ বহু অনুগামীক বিক্ষুব্ধ কৰি তুলিছে।

বিধেয়কখন পূৰ্বে সদনত উত্থাপিত হোৱাৰ সময়ত অগপই “শংখনাদ” জুৰিছিল আৰু অসমজুৰি প্ৰতিবাদ জনোৱাৰ লগতে বিজেপি নেতৃত্বৰ মিত্ৰ চৰকাৰৰ পৰাও ওলাই আহিছিল।

কিন্তু, এইবাৰ অগপ নেতাসকলে দলে বিধেয়কৰ বিৰোধিতা কৰে আৰু দলৰ মজিয়াত আলোচনাৰ চিন্তা কৰি থকা হৈছে, আদিৰ বাহিৰে আন পদক্ষেপ লোৱা দেখা যোৱা নাই।

সভাপতি অতুল বৰাই সাংবাদিকক ওলোটাই কৈছে, মিত্ৰ বিজেপিয়ে যোৱা সাধাৰণ নিৰ্বাচনৰ আগতেও বিধেয়ক গ্ৰহণৰ কথা ৰাইজক কৈছিল।

বৰাৰ এই বক্তব্য আৰু বিজেপি নেতাৰ মন্তব্যৰ মাজত পাৰ্থক্য একৰকম নোহোৱা হৈছে।

বিজেপি নেতাসকলে কৈ আহিছে বিধেয়ক গ্ৰহণৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি”ৰ বিষয়ে অসমৰ ৰাইজ অৱগত হোৱাৰ পিছতো তেওঁলোকে ভোট পাইছে আৰু বিজয়ী হৈ আহিছে।

পূৰ্বেও নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে এজন লোকে অগপ কাৰ্য্যালয়ৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই দিছিল।