NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত দিনক দিনে বৃদ্ধি পাইছে ব্যক্তিগত নাৰ্চিং হোমৰ দৌৰাত্ম্য! মৌন শিৱসাগৰ জিলা প্ৰশাসন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 30, 2019 6:59 am
20191130_003249

চিকিৎসা সেৱা এক মহৎ সেৱা। ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে শিৱসাগৰত। দিনে দিনে বৃদ্ধি পাইছে শিৱসাগৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ দৌৰাত্ম্য।

বিগত দুটা মাহত শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ পদূলিত বিনা চিকিৎসাই ৩ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ভুল চিকিৎসাৰ বাবে যমজ সন্তানসহ এগৰাকী প্ৰসূতিয়ে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

শুকুৰবাৰে পুৱাই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন ছাত্ৰক দুৰ্ঘটনাস্থলীৰ কাষতে থকা আদিত্য নাৰ্চিং হোমলৈ ততাতৈয়াকে লৈ যোৱা হয় যদিও চিকিৎসক নথকাৰ অজুহাত দেখুৱাই নাৰ্চিং হোম কৰ্তৃপক্ষই চিকৎসা প্ৰদান নকৰিলে।

ছাত্ৰ জনৰ বন্ধু আৰু একাংশ লোকে নাৰ্চৰ সহায়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিবলৈ অনুৰোধ জনায় যদিও মানৱতাৰ খাতিৰত সেয়াও নকৰিলে নাৰ্চিং হোম কৰ্তৃপক্ষই।

ইয়াৰ বাবে অকালতে প্ৰাণ হেৰোৱাবলগীয়া হয় ডিমৌ কুশল পথৰ চন্দ্ৰশেখৰ দত্ত নামৰ শিৱসাগৰ মহাবিদ্যালয়ৰ তৃতীয় ষন্মাসিকৰ ছাত্ৰজনে।

20191130_003249
ফটো: নৰ্থইষ্ট নাও

যদি আদিত্য নাৰ্চিং হোমত ডাক্তৰেই নাই তেন্তে কেনে দৰে নাৰ্চিংহোম চলাই আছে। এজন আঘাত প্ৰাপ্ত ব্যক্তিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব নোৱাৰা নাৰ্চিং হোমক কি কাৰণত জিলা প্ৰশাসনে নাৰ্চিং হোম চলাবলৈ অনুমতি দিছে।

ইয়াকেলৈ এতিয়া শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু জাঙুৰ খাই উঠিছে শিৱসাগৰৰ বিভিন্ন দল সংগঠন আৰু একাংশ সচেতন ব্যক্তি।

শিৱসাগৰত এইটোৱেই একমাত্ৰ ঘটনা নহয়। বিগত দুটা মাহত নাৰ্চিং হোমৰ পদূলিত বিনা চিকিৎসাই আন তিনি গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লবলগীয়া হৈছে।

কেইদিন মানৰ পূৰ্বে ইষ্ট পইন্ট নামৰ নাৰ্চিং হোমত এগৰাকী প্ৰসূতিৰ ভুল চিকিৎসাৰ বাবে গৰ্ভত থকা যমজ সন্তানসহ মৃত্যু হৈছিল। ইষ্ট পইন্টত আই চি ইউ নথকাৰ বাবে প্ৰসূতিগৰাকীক অন্য এখন নাৰ্চিং হোমলৈ প্ৰেৰণ কৰিছিল।

ঠিক একে দৰে কুতুবউদ্দিন আহমেদ নামৰ ব্যক্তি এজনক নিশা হঠাৎ গা বেয়া হোৱাত প্ৰগতি নাৰ্চিং হোম, শৰ্মা নাৰ্চিং হোম আৰু আদিত্য নাৰ্চিং হোমৰ পদূলিলৈ পৰিয়ালৰ লোকে নিছিল যদিও এখনো ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমে চিকিৎসা প্ৰদান নকৰাত বিনা চিকিৎসাই প্ৰাণ হেৰুৱাবলগীয়া হয়।

ইয়াৰ পূৰ্বেও ৰেজিনা বেগম নামৰ এগৰাকী মহিলাৰো নাৰ্চিং হোমৰ পদূলিৰ মুখত বিনা চিকিৎসাই মৃত্যুক সাৱটি লোৱাৰ ঘটনা সংঘটিত হৈছিল।

এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ নিৰৱ ভুমিকা পালন কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নাৰ্চিং হোমৰ পদূলিত বিনা চিকিৎসাই মৃত্যু হোৱা ঘটনাৰ কোনো তদন্ত নকৰিলে শিৱসাগৰ জিলা প্ৰশাসনে।

যদি নাৰ্চিংহোমত চিকিৎসক নাথাকে, পৰ্যপ্ত সা-সুবিধা নাথাকে দুৰ্ঘটনাত আহত ব্যক্তিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব নোৱাৰে তেনে নাৰ্চিং হোমৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসনে কিয় বিহিত ব্যৱস্থা লোৱা নাই তাক লৈ জনসাধাৰণে প্ৰশ্ন কৰিছে।

শিৱসাগৰ জিলা উপায়ুক্তই নাৰ্চিং হোমবিলাক ২৪ ঘন্টা খোলা ৰাখিবলৈ নিৰ্দেশ দিছিল যদিও উপায়ুক্তৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই মইমতালি কৰি আছে শিৱসাগৰৰ একাংশ ব্যক্তিগত চিকিৎসালয়ে। যাৰ বাবে দিনতে নাৰ্চিং হোমত চিকিৎসা নোপোৱাৰ বাবে এজন ছাত্ৰই প্ৰাণ হেৰুৱাব লগীয়া হয়।