NORTHEAST NOW (Assamese)
অৰুণাচল

সাজু কৰক পৰিকল্পনা; ডিচেম্বৰত ৯ দিন বন্ধ থাকিব বেংক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2019 10:54 am
5295-bank-indisde-new-750x375

২০১৯বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰ আৰম্ভ হ’বলৈ আৰু কেইঘন্টামানহে বাকী আছে।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এতিয়া বৰ্ষান্ত উদযাপন তথা খ্ৰীষ্টমাছ উদযাপনৰ বাবে পৰিকল্পনা আৰম্ভ হৈছে।

ইয়াৰ মাজতে আপোনাৰ ধনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বেংকৰ বন্ধৰ দিনকেইটালৈ এবাৰ চকু ফুৰাই চাওক।

২০১৯’ৰ ডিচেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ৯দিনৰ বাবে বেংক বন্ধ থাকিব।

বেংক বন্ধ থকাৰ বাবে এ টি এম মেচিনসমূহতো নগদ ধনৰ নাটনি হ’ব পাৰে।

ডিচেম্বৰত পাঁচটা দেওবাৰ থকাত ৫দিন বেংক বন্ধ থাকিব।

আনহাতে, ডিচেম্বৰৰ ১৪ তাৰিখ মাহটোৰ দ্বিতীয় শনিবাৰ আৰু ডিচেম্বৰৰ ২৮ তাৰিখ মাহটোৰ চতুৰ্থটো শনিবাৰ হোৱা হেতুকে বেংক বন্ধ থাকিব।

ডিচেম্বৰৰ ২৫ তাৰিখ খ্ৰীষ্টমাছ উপলক্ষে বেংক বন্ধ থাকিব। সেইদৰে ২৬ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত বক্সিং ডে’ উপলক্ষে বেংক বন্ধ থাকিব।

মুঠতে ডিচেম্বৰ মাহত ৯ দিন বেংক বন্ধ থাকিব।

ডিচেম্বৰ ২০১৯’ৰ বেংক বন্ধৰ তালিকাঃ

  • ১ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ৮ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ১৪ ডিচেম্বৰ, ২০১৯-দ্বিতীয়টো শনিবাৰ
  • ১৫ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ২২ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ২৫ ডিচেম্বৰ, ২০১৯-খ্ৰীষ্টমাছ
  • ২৬ ডিচেম্বৰ, ২০১৯-বক্সিং ডে’
  • ২৭ ডিচেম্বৰ, ২০১৯-দেওবাৰ
  • ২৮ ডিচেম্বৰ, ২০১৯-চতুৰ্থ শনিবাৰ

অৱশ্যে, কোনোৱে বন্ধৰ তালিকাখন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত চাব পাৰে।

আনহাতে,  বিভিন্ন ৰাজ্যত বেংকৰ বেলেগ বন্ধৰ দিন থাকিব পাৰে।