NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত আছুৰ চাইকেল ৰেলী

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা November 30, 2019 4:32 pm

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱৰ পুৰণিগুদামত আজি ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বহু কেইটা জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে পুৰণিগুদামৰ গাঁৱে-ভূঞে বিধেয়ক বিৰোধী শ্ল’গান প্ৰদানৰে চাইকেল ৰেলী কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

প্ৰায় শতাধিক আছু কৰ্মীয়ে কৰা এই সমদল পুৰণিগুদাম বি কে বি মহাবিদ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ কৰি গাঁও অঞ্চলৰ মাজেৰে পৰিভ্ৰমণ কৰে। চাইকেল ৰেলীৰ জৰিয়তে কৰা বৃহৎ সমদলটোৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতা সৃষ্টি প্ৰয়াস কৰে আছুৰ নেতা-কৰ্মীয়ে।

আনহাতে  আছু নেতৃত্বই অগপৰ মন্ত্ৰী সকলৰ স্থিতিক লৈও প্ৰতিবাদথলীত সৰব হৈ পৰা দেখা যায়। অগপৰ তিনি মন্ত্ৰীৰ লগতে মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক কেবৰ বিৰুদ্ধে দৃঢ় স্থিতি ল’বলৈ সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।

আনহাতে প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ ভয় দেখুৱালে বিধেয়ক বিৰোধী সংগঠন সমূহে ভয় নকৰে বুলি স্পষ্ট কৰি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে পৰৱৰ্তী সময়ত বৃহত্তৰ পুৰণিগুদাম অঞ্চলত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে।