NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত ম’ৰেল পুলিচিঙৰ ঘটনা; যুৱক-যুৱতীক উলংগ কৰি মাৰপিটৰ দৃশ্য ৰেকৰ্ডিং কৰি WhatsAppত ভাইৰেল

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা December 3, 2019 6:00 pm
Untitled

গোৱালপাৰা জিলাৰৰ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা এক জঘন্য ম’ৰেল পুলিচিঙৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে।

অসম-মেঘালয় সীমান্তত একাংশ উন্মত্ত লোকে এহাল যুৱক-যুৱতীক মাৰপিট কৰি গাৰ কাপোৰ খুলি পেলোৱাৰ লগতে সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

যুৱক-যুৱতী হালক নিৰ্যাতন চলোৱাৰ দৃশ্য এতিয়া হোৱাটছ এপ যোগে ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, কেইদিন মান পূৰ্বে মেণ্ডিপথাৰৰ পৰা  মানিকগঞা হৈ কৃষ্ণাই লৈ আহি থকা অৱস্থাত কেইজন মান যুৱকে এহাল যুৱক-যুৱতীক  এখন শালনী বাৰীত ৰখাই অকথ্য নিৰ্যাতন চলোৱাৰ লগতে উলংগ কৰি মোবাইলত সেই দৃশ্য ৰেকৰ্ডিং কৰে।

দুৰ্বিত্ত যুৱক কেইজনে ভিডিঅ’টোৰ নামত যুৱক-যুৱতী হালৰ পৰা ৫০ হাজাৰ টকাও দাবী কৰিছিল বুলি জানিব পৰা গৈছে।

আনহাতে, যুৱকজনৰ পৰিয়ালৰ লোকে উক্ত যুৱক কেইজনক ৫০ হাজাৰ টকাৰ পৰিৱৰ্তে ৩০ হাজাৰ টকা দিয়ে যদিও উক্ত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও আৰক্ষীয়ে এতিয়ালৈ নিৰ্যাতন চলোৱা যুৱক কেইজনক গ্ৰেপ্তাৰ কৰা নায়।

তদুপৰি, ম’ৰেল পুলিচিঙৰ নামত বেয়াকৈ নিৰ্যাতনৰ সন্মুখিন হোৱা যুৱক-যুৱতী হাল সংকটজনক অৱস্থাত সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হৈছে।

ভূক্তোভোগী যুৱতী গৰাকী গাৰো সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে।