NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশ প্ৰিমিয়াৰ লীগ(বি পি এল)ৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব চলমান খান আৰু কেটৰিনা কাইফে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 3, 2019 5:34 pm
Salman And Ketrina

বলিউদৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী চলমান খান আৰু কেটৰিনা কাইফক বাংলাদেশ প্ৰিমিয়াৰ লীগ-টি২০ৰ উদ্বোধনী অনুষ্ঠানত একেলগে মঞ্চত দেখা যাব।

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্মজয়ন্তী উপলক্ষে বাংলাদেশ ক্ৰিকেট বোৰ্ডে (বিচিবি)বিগত বৰ্ষৰ তুলনাত পৃথকভাৱে বি পি এল আয়োজনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

সেইমৰ্মে বি চি বিয়ে বাংলাদেশ প্ৰিমিয়াৰ লীগৰ বিশাল উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে য’ত অনুষ্ঠান পৰিৱেশনৰ বাবে বাহিৰৰ বিভিন্ন তাৰকা শিল্পীক আমন্ত্ৰণ জনোৱা হ’ব বুলি জানিব পৰা গৈছে।

বি পি এলৰ গভৰ্নিং কাউঞ্চিলৰ সচিৱ শ্বেইখ ছোহেইলে বাংলাদেশৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে চলমান আৰু কেটৰিনাই ঢাকাত উপস্থিত হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

‘‘বি পি এলৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমি চলমান খান আৰু কেটৰিনা কাইফৰ পৰা নিশ্চিতি লাভ কৰিছো। বাংলাদেশৰ জনপ্ৰিয় গায়িকা মমতাজৰ লগতে বহু বিদেশী শিল্পীও অনুষ্ঠানত উপস্থিত থাকিব,’’ ছোহেইলে দেওবাৰে সাংবাদিকৰ আগত কয়।

আনহাতে, বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰজিত সিং আৰু নেহা কক্কৰৰ সৈতেও বি পি এলৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰাক লৈ কথা বতৰা চলি আছে।

উল্লেখযোগ্য যে, ৮ ডিচেম্বৰত শ্বেৰ-ই-বাংলা ষ্টেডিয়ামত আবেলি ৪ বজাৰ পৰা উদ্বোধনী অনুষ্ঠানত অনুষ্ঠিত কৰা হ’ব।

উদ্বোধনী অনুষ্ঠানৰ টিকতৰ মূল্য ১০০০ বাংলাদেশী টাকাৰ পৰা ১০,০০০ টাকাৰ ভিতৰত হ’ব।