NORTHEAST NOW (Assamese)
অসম

জাগুনত অৰুণাচলৰ হাইড্ৰ’পাৱাৰ বিভাগৰ গাড়ীৰ খুন্দাত এজন নিহত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 3, 2019 8:30 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইলত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন বয়োজ্যেষ্ঠ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

নিহত লোকজনক জাগুন আবৰ গাঁও নিবাসী জগৎ বাহাদুৰ প্ৰধান (৮৬) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধ্যা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জাগুন-জয়ৰাপুৰ অভিমুখী অৰুণাচল প্ৰদেশৰ হাইড্ৰপাৱাৰ বিভাগৰ এখন বলেৰ’ বাহনে ৰাস্তা পাৰ হ’বলৈ লওঁতেই জগৎ বাহাদুৰক মহতিয়াই নিয়ে।

গুৰুতৰভাৱে আহত ব্যক্তিজনক দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটালৈ নি থকা হৈছিল যদিও চিকিৎসালয় পোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়।

ইতিমধ্যেই জাগুন আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা এ আৰ-১১-৫৬৪৬ নম্বৰৰ বলেৰ’ বাহনখন জব্দ কৰিছে। কাইলৈ পুৱা মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষা কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।