NORTHEAST NOW (Assamese)
Popular Stories

‘কেব’ নামানো, ৰাজ্য চৰকাৰে শীঘ্ৰে স্থিতি স্পষ্ট কৰক : বাইচুং ভুটীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 11:30 am
baichung

ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়ক তথা হামৰো ছিকিম পাৰ্টি (HSP)ৰ কাৰ্যকৰী সভাপতি বাইচুং ভুটীয়াই ছিকিম চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত শীঘ্ৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

বুধবাৰে সংবাদ মাধ্যমৰ আগত ভুটীয়াই কয়, ‘আমি ইতিমধ্যে উত্তৰ-পূবৰ প্ৰায় সমূহ চৰকাৰেই নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰা দেখিছো।‘

‘মই আমাৰ ছিকিম চৰকাৰেও একেই কৰাটো বিচাৰিম।‘ তেওঁ লগতে কয়।

হামৰো ছিকিম পাৰ্টিয়ে উক্ত বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘এই বিধেয়কখন সম্পূৰ্ণৰূপে ছিকিমৰ ৰাইজৰ স্বাৰ্থ আৰু অনুচ্ছেদ ৩৭১ এফৰ পৰিপন্থি।‘

সেয়ে ‘ৰাজ্যখনৰ স্বাৰ্থৰ হকে ছিকিম চৰকাৰে তেওঁলোকৰ স্থিতি কেন্দ্ৰক স্পষ্টভাৱে জনোৱাটো আমি কামনা কৰো।‘ ভুটীয়াই কয়।

উল্লেখযোগ্য যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদন জনায়। অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হ’ব।