NORTHEAST NOW (Assamese)
Popular Stories

জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰালৈ মানৱ সেৱাৰ বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2019 1:16 pm
Priyanka Chopra

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰালৈ য়ুনিচেফৰ ১৫ সংখ্যক স্নোফ্লেক বল অনুষ্ঠানত ‘ডেনী ক্যেন মানৱতাবাদী এৱাৰ্ডেৰে’ সন্মানিত কৰা হয়।

অসম পৰ্যটনৰ প্ৰাক্তন ব্ৰাণ্ড এম্বেচাদৰ অভিনেত্ৰীগৰাকীয়ে য়ুনিচেফৰ গুডউইল এম্বেচাদৰ হিচাপে সেৱা আগবঢ়াই আছে।

বঁটা প্ৰদান অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মাধু চোপ্ৰাও উপস্থিত আছিল।

উল্লেখযোগ্য যে, আমেৰিকাৰ বোৱাৰী প্ৰিয়ংকা চোপ্ৰাই বিগত বহু বছৰৰ পৰা য়ুনিচেফৰ হৈ মহিলা তথা শিশুৰ কল্যাণ আৰু অধিকাৰৰ হৈ কাম কৰি আছে।

বঁটা প্ৰদান অনুষ্ঠানত মনৰ ভাৱ প্ৰকাশ কৰি প্ৰিয়ংকাই য়ুনিচেফৰ হৈ সেৱা আগবঢ়াই অহা সকলো লোকক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে নিজেও সেই যাত্ৰাৰ অংশীদ্বাৰ হ’বলৈ পাই সুখী অনুভৱ কৰিছে বুলি মন্তব্য কৰে।

বলিউদৰ ড’ন, বাজিৰাও মষ্টানী, বৰ্ফি, কমিনে, মেৰীকম আদি জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰা প্ৰিয়ংকা চোপ্ৰাক ২০০৬ চনত য়ুনিচেফৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুডউইল এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল।