NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বোকাখাতত ব্লক কংগ্ৰেছৰ অনশন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 6, 2019 1:04 pm
IMG-20191206-WA0029_2

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাখাততো আজি কংগ্ৰেছ দলে ৭ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

বোকাখাত ব্লক কংগ্ৰেছৰ সদস্যসকলে স্থানীয় গান্ধী ভৱনৰ সন্মুখত এই অনশন কাৰ্যসূচী পালন কৰে। প্ৰতিবাদৰ সময়ত কংগ্ৰেছী সদস্য সকলে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি সন্মুখত লৈ অনশনত বহা দেখা যায়।

বোকাখাত ব্লক কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰি প্ৰতিবাদী কংগ্ৰেছী সদস্যসকলে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে পূৰ্বৰ পৰাই মাত মাতি আহিছে আৰু ভৱিষ্যতেও মাত মাতি যাব।

প্ৰতিবাদকাৰীয়ে বিজেপি নেতৃ্ত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাও দেখা যায়।

অনশনত বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টায়েৰ লগতে বহু সংখ্যক তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে যোৱা ৪ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱাৰ পিছতে অসমত বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতাত প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে।