NORTHEAST NOW (Assamese)
অসম

““কেব” গৃহীত হ’লে উচ্চতম ন্যায়ালয়লৈ প্ৰথমে ময়ে যাম”, কটনিয়ানৰ ৰণ হুংকাৰত জুবিন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 6, 2019 9:20 pm
Zubeen Garg at Rana Ninad

আজি কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ সমাজৰ আহ্বানত হোৱা ৰণহুংকাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি জুবিনে “কেব” গৃহীত হ’লে উচ্চতম ন্যায়ালয়লৈ প্ৰথমে তেৱেঁ যোৱাৰ কথা ঘোষণা কৰে।

“কেব গৃহীত হোৱাৰ পাছত যদি উচ্চতম ন্যায়াললৈ যাব লাগে তেন্তে প্ৰথম মানুহটো ময়েই হ’ম। আমি আছো, গতিকে অসম থাকিব, অসমীয়া থাকিব, ভাষা থাকিব”, ৰণহুংকাৰত জনপ্ৰিয় শিল্পীজনে কয়।

তেওঁ আৰু কয় “ইয়াতকৈয়ো ডাঙৰ যুদ্ধ কৰিম। ১৯৭১-ৰ পাছত হিন্দু হওক, মুছলমান হওক বা ভগৱানেই হওক, আহিলেও অসমত থাকিবলৈ দিয়া নহ’ব।”

অৱশ্যে, ছাত্ৰ সমাজক উগ্ৰ নহ’বলৈ আহ্বান জনাই জুবিনে কয়, “উগ্ৰ কোনো হ’ব নালাগে, বিক্ষোভ সদায় মনত থাকিব লাগে, কণ্ঠত থাকিব লাগে, ভাষা আৰু গানত থাকিব লাগে।”

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৃঢ় অৱস্থান লোৱা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ভৱিষ্যতে কোনো ৰাজনৈতিক দলৰ হৈ গীত নোগোৱাৰ কথাও আজি ঘোষণা কৰিছে।

মহানগৰীৰ উজানবজাৰস্থিত চহিদ ন্যাসত নেছ’ৰ সংবাদমেলৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে শিল্পীজনে। এজন সাংবাদিকে জুবিনক ২০১৬ চনত বিজেপিৰ ৰাজনৈতিক প্ৰচাৰৰ গান গোৱাৰ কথা সোঁৱৰাই দিওঁতে তেওঁ এই কথা কয়।

জুবিনে কয়, “মই কংগ্ৰেছৰ হৈও গান গাইছো। পইচা দিয়ে, মই গান গাওঁ। জীৱনত কোনো ৰাজনৈতিক দলৰ হৈ আৰু গান নাগাওঁ, আজি কৈ দিলো। যদি কেতিয়াবা গাওঁ তেতিয়া সংবাদ মাধ্যমে গালি পাৰিবা মোক।”

উল্লেখ কৰিব পাৰি যে শিল্পীজনে ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ ৰাজনৈতিক প্ৰচাৰৰ এটা গীতত কণ্ঠদান কৰিছিল।

জুবিনে আৰু কয়, “বিজেপি জিকাৰ প্ৰথম দিনাই সৰ্বানন্দ সোণোৱালক কৈছিলো, যদি কিবা গণ্ডগোল হয় প্ৰথম গণ্ডগোল কৰা মানুহটো জুবিন গাৰ্গ হ’ব।”

ইপিনে, “অসমত কেব হ’ব নোৱাৰে” বুলি দাবী কৰি জুবিনৰ ঘোষণা, “মই আছুৰ লগত আছো। অসমীয়া ৰাইজৰ কাৰণে সদায় আছো।”

ৰাজনৈতিক নেতা, মন্ত্ৰী বিধায়কক সমালোচনা কৰি জুবিনে কয়, ‘লংকালৈ যি যায় সি ৰাৱণ হৈ যায়, এইবোৰৰ বিশ্বাস নাই। সেই কাৰণে মই গান লিখিছো- পলিটিক্স নকৰিবা বন্ধু। মন্ত্ৰী  বিধায়ক সকলো পাপৰ, তেওঁলোকৰ শব্দটো বেছি, খাবলৈ সোৱাদ নাই।”