NORTHEAST NOW (Assamese)
Popular Stories

কেবিনেট মন্ত্ৰী ‘অতুল বৰা মুৰ্দাবাদ’ ধ্বনিৰে মুখৰিত গৃহ সমষ্টি বোকাখাত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 8, 2019 3:20 pm

গৃহ সমষ্টি বোকাখাতত অসম গণ পৰিষদ দলৰ সভাপতি কেবিনেট মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীয়ে।

আজি পুৱা বোকাখাতৰ বিষয়াৰ জিৰণি চ’ৰাত আয়োজিত বোকাখাত বিধান পৰিষদৰ একাদশ ত্ৰবাৰ্ষিক অধিৱেশন থলীত ছাত্ৰ সংগঠনটোয়ে বিক্ষোভ প্ৰদৰ্শন কৰে।

অধিবেশনথলীত ছাত্ৰ সংগঠনটোৰ সদস্য সকলে “অতুল বৰা মুৰ্দাবাদ, অতুল বৰা গ’ বেক” আদি ধ্বনিৰে মুখৰিত কৰি তোলে ৷ ইয়াৰ পাছতে অসম যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে বোকাখাতৰ পৰা বাদুলীপাৰলৈকে এক বাইক ৰেলী উলিয়াই।

বোকাখাত নাট্যমন্দিৰৰ পৰা উলিওৱা এই প্ৰতিবাদী বাইক ৰেলী আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু নীলু আচাৰ্য্যই। বোকাখাত জিলা সমিতিয়ে আয়োজন কৰা এই ‘কেব’ বিৰোধী প্ৰতিবাদী ৰেলীত সংগঠনটোৰ প্ৰায় তিনি শতাধিক সদস্যই অংশ গ্ৰহণ কৰে।