NORTHEAST NOW (Assamese)
Popular Stories

গোদী মিডিয়াৰ কেমেৰাই ঢুকি নোপোৱা অসমৰ ব্যাপক আন্দোলনক দেশবাসীৰ আগত তুলি ধৰিলে এইগৰাকী সাংবাদিকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2019 12:12 pm
News 2.00_01_40_16.Still001

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান সমূহে গঢ়ি তোলা ব্যাপক আন্দোলনে অৱশেষত দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে একাংশ নেশ্যনেল মিডিয়াৰ।

বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত উলিওৱা বিশাল প্ৰতিবাদী সমদলটোক লৈ এতিয়া নেশ্যনেল মিডিয়াত চলিছে ব্যাপক চৰ্চা।

এন ডি টিভিৰ জ্যেষ্ঠ সাংবাদিক তথা মেগছেছে বঁটা প্ৰাপক সাংবাদিক ৰবিশ কুমাৰৰ প্ৰাইম টাইম শীৰ্ষক অনুষ্ঠানত নাগৰিকত্ব বিধেয়কক লৈ অসমত হৈ থকা ব্যাপক আন্দোলনৰ সবিশেষ ৰাইজৰ আগত বিস্তাৰিত ৰূপত দাঙি ধৰে।

কুমাৰে প্ৰথমে নেশ্যনেল মিডিয়া সমূহক চোকা ভাষাৰে সমালোচনা কৰি কয় যে নেশ্যনেল মিডিয়াৰ কেমেৰাই ঢুকি নোপোৱা অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা চলি আছে।

তেওঁ কয় যে ৰাজ্যৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান, দল-সংগঠন আৰু সাধাৰণ জনতা ওলাই আহিছে ৰাজপথলৈ। অসমৰ যুৱ প্ৰজন্মই ধৰ্মতকৈ ভাষাক সদায় ওপৰত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁ অনুষ্ঠানটোৰ জৰিয়তে এই বিধেয়কখনে অসমক ভাষিক, সাংস্কৃতিক ক্ষেত্ৰত ক্ষতি কৰাৰ লগতে ঐতিহাসিক অসম আন্দোলনৰ ফলত সম্পাদিত অসম চুক্তিক অৱমাননা কৰা হ’ব বুলিও কয়।

এই ক্ষেত্ৰত তেওঁ কয়, ‘অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা ঐতিহাসিক অসম আন্দোলনত ৮৫৫ গৰাকী অসমীয়া যুৱক চহিদ হৈছিল। আন্দোলনটো কোনো বিশেষ ধৰ্মৰ বিৰুদ্ধে হোৱা নাছিল। সেয়ে অসমৰ লোকে নাগৰিকত্ব বিধেয়ক মানি নলয়’।

বিধেয়কখন গৃহীত হ’লে সৰ্বাধিক অসমেই ক্ষতিগ্ৰস্ত হ’ব বুলি ধাৰণা কৰি অসমৰ ছাত্ৰ তথা ৰাইজে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ পিছতো নেশ্যনেল মিডিয়াত বিষয়টোৱে গুৰুত্ব নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে সদায় বলিষ্ঠ কণ্ঠৰ বাবে পৰিচিত জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰ।