NORTHEAST NOW (Assamese)
অসম

CAB বিৰোধী আন্দোলন দমনৰ চেষ্টা; অখিল গগৈক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 11:50 pm
akhil-gogoi

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক যোৰহাটৰ পৰা আটক কৰে যোৰহাট আৰক্ষীয়ে।

যোৰহাট আৰক্ষীয়ে সন্ধিয়া প্ৰায় ৮ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীক জেষ্ঠ অধিবক্তা হেমেন বৰাৰ বাসগৃহলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়।

বেআইনী কাৰ্য্যকলাপ [Unlawful Activities (Prevention) Act] আইনৰ অধীনত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হয়।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি গগৈয়ে যোৰহাট উপায়ু্ক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সান্ধ্য আইন অমান্য কৰি সমাবেত হোৱা লোকক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে উত্তেজিত কৰিছিল।

আনহাতে, যোৰাহাট জিলাত ড্ৰাই ডে’ৰ কথা উল্লেখ কৰি বিষয়া গৰাকীয়ে কয় যে, লোকসকলে নিশা মদ্যপান কৰি ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে অসমত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত প্ৰশাসনে গোটেই অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে আৰু বিভিন্ন জিলাত সান্ধ্য আইন জাৰি কৰিছে।