NORTHEAST NOW (Assamese)
Popular Stories

নাগৰিকত্ব আইনৰ বিৰোধিতাত বাংগালুৰত থকা অসমীয়া সমাজৰ প্ৰতিবাদ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ December 14, 2019 4:41 pm

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত চলি থকা আন্দোলনে অসম তথা উত্তৰ-পূবৰ বাহিৰেও ভাৰতৰ আন ৰাজ্যসমূহলৈ প্ৰসাৰতা লাভ কৰিছে।

বাংগালুৰত থকা অসমীয়া সমাজ ‘আছাম চ’চাইটি অৱ বাংগালুৰ’-এ শনিবাৰে নাগৰিকত্ব আইনৰ বিৰুদ্ধে এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে।

বাংগালুৰৰ অসমীয়া সমাজৰ সাধাৰণ সম্পাদক হিৰক জ্যোতি কাকতিয়ে কয়, ‘আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰো, আমাৰ দাবী পূৰণ নোহোৱালৈকে আমি প্ৰতিবাদ চলাই যাম।‘

উল্লেখযোগ্য যে নাগৰিকত্ব আইন বিৰোধী আন্দোলনত অসমত নিৰাপত্তাৰক্ষীৰ বৰ্বৰ আক্ৰমণত বৰ্তমানলৈকে চাৰিগৰাকী অসমীয়া লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

তদুপৰি আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অসমত ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ পাছত আজি পুনৰ ১৬ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতত নাগৰিকত্ব আইনক লৈ চলি থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকা, কানাডা আৰু ফ্ৰান্সে তেওঁলোকৰ দেশৰ নাগৰিকসকলক সতৰ্ক কৰি দিছে।