নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৰা আন্দোলনত হোৱা শ্বহীদৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈ।
শনিবাৰে অৰ্থাৎ ১৪ ডিচেম্বৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে পৰমেশ নায়ক ওৰফে ঈশ্বৰে।
নিশা প্ৰায় ১০ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লোৱা পৰমেশ নায়ক ওদালগুৰিৰ মাজুলী বাগানৰ নিৱাসী বুলি জানিব পৰা গৈছে।
১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰোতে গুলীবিদ্ধ হৈছিল পৰমেশ। পৰমেশৰ পিঠিত গুল লাগিছিল আৰু ইয়াৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত ভৰ্তি কৰোৱা হৈছিল পৰমেশক।
উল্লেখযোগ্য যে পূৰ্বতেও চাৰিজনকৈ প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’ব লগীয়া হৈছিল।