NORTHEAST NOW (Assamese)
অসম

আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ মুক্তিৰ দাবীত ডিগবৈ থানাত উত্তপ্ত পৰিস্থিতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 5:43 pm
Jiten Dutta

আলোচনাপন্থী আলফা নেতা জিতেন দত্তসহ গ্ৰেপ্তাৰ কৰা চাৰিজন যুৱকক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ডিগবৈ থানা ঘেৰাও কৰে।

দেওবাৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰা চাৰিগৰাকী প্ৰতিবাদকাৰী ক্ৰমে ৰিকিৰাজ গগৈ, অমৃত দত্ত, বাবুল বিকাশ চেতিয়া আৰু আজিজুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখযোগ্য যে, বিগত ১৪ ডিচেম্বৰত আলোচনাপন্থী আলফা নেতা জিতেন দত্তক আৰক্ষীয়ে ডিগবৈৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

প্ৰথমাৱস্থাত আলফা নেতাগৰাকীৰ ডিগবৈৰ বৰবিলৰ বাসগৃহৰ আশে-পাশে ব্যাপক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰি গৃহবন্দী কৰি ৰখা হৈছিল।

জিতেন দত্তই কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সদনত উত্থাপন কৰাৰ পূৰ্বৰে পৰা তীব্ৰ বিৰোধিতা কৰি আহিছিল।

অসম আৰু অসমীয়াৰ স্বাৰ্থত পুনৰ জংগী আন্দোলনৰো হুংকাৰ দিছিল দত্তই। তদুপৰি, নেতাগৰাকীৰ আহ্বানত বৃহৎ সংখ্যক যুৱক বিধেয়ক বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল।