NORTHEAST NOW (Assamese)
অসম

লোকসভাত আসনৰ সংখ্যা বৃদ্ধি কৰি ১০০০ কৰা উচিত: প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2019 9:53 am
pranab

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীয়ে লোকসভা আৰু ৰাজ্যসভাত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত নিৰ্বাচিত প্ৰতিনিধিৰ কাৰনে ইয়াৰ সমষ্টিসমূহৰ আয়তন বহু ডাঙৰ।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে অটল বিহাৰী বাজপেয়ীক ভাৰতৰ এগৰাকী মহান সন্তান বুলিও মন্তব্য কৰে।

ইণ্ডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত দ্বিতীয় অটল বিহাৰী বাজপেয়ী স্মৃতি বক্তৃতা প্ৰদান কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীয়ে কয়,’’লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা বৃদ্ধি কৰি ১০০০কৰা উচিত। তদুপৰি, ৰাজ্যসভাৰ শক্তিও বৃদ্ধি কৰা উচিত।‘’

তেওঁ লগতে কয় যে জনসাধাৰণে কিছুমান দলক সংখ্যা গৰিষ্ঠতা দিছে যদিও ভাৰতৰ নিৰ্বাচনী ইতিহাসত ভোটদাতাসকলে সংখ্যগৰিষ্ঠভাৱে কোনো এটা দলকে সমৰ্থন কৰা নাই।

প্ৰনব মুখাৰ্জীয়ে কয় যে লোকসভাৰ ক্ষমতা ১৯৭৭চনত সংশোধন কৰা হৈছিল। সেয়া ১৯৭১চনৰ লোকপিয়লৰ আধাৰত কৰা হৈছিল। সেই সময়ত জনসংখ্যা আছিল ৫৫কোটি আছিল। কিন্তু এতিয়া জনসংখ্যা দুগুণতকৈয়ো বৃদ্ধি পাইছে। সেই হিচাপে লোকসভাৰ শক্তি ১০০০ কৰি দিয়া উচিত।