NORTHEAST NOW (Assamese)
অসম

দেশৰ বিভিন্ন প্ৰান্তত CAA বিৰোধী প্ৰতিবাদ; ৰামচন্দ্ৰ গুহ, যোগেন্দ্ৰ যাদৱক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 4:02 pm
Yogendra Yajdav, Ramchandra Guha

নাগৰিকত্ব (সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বিশিষ্ট লেখক ৰামচন্দ্ৰ গুহ তথা স্বৰাজ ইণ্ডিয়াৰ নেতা যোগেন্দ্ৰ যাদৱৰ লগতে ভালেসংখ্যক লোকক বৃহস্পতিবাৰে আটক কৰা হয়।

CAA আৰু এন আৰ চিৰ বিৰোধিতাৰে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা ৰামচন্দ্ৰ গুহ আৰু যোগেন্দ্ৰ যাদৱক ক্ৰমে বাংগালুৰু আৰু নতুন দিল্লীৰ লাল কিল্লাৰ পৰা আটক কৰা হয়।

‘‘মোক এইমাত্ৰ লালকিল্লাৰ পৰা আটক কৰা হৈছে। হাজাৰৰো অধিক প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰা হৈছে আৰু বহুসংখ্যক লোকক আটক কৰাৰ পথত’’; এটা টুইটত যাদৱে উল্লেখ কৰে।

‘‘মোৰ বহু সংখ্যক বন্ধুক ইতিমধ্যে আটক কৰা হৈছে, তাৰপিছতো বহু লোকে প্ৰতিবাদস্থলীত সমবেত হৈছে। এই নাগৰিকত্ব (সংশোধনী) আইনে যাতে দেশক বিভাজিত কৰিব নোৱাৰে তাৰ বাবে আজি এই প্ৰতিবাদী কাৰ্য্যসূচীৰ আহ্বান জনোৱা হৈছে,’’ যাদৱে লগতে কয়।

আনহাতে, বিশিষ্ট বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহই প্ৰশাসনে প্ৰতিবাদকাৰীক আটক কৰা কাৰ্য্যক অগণতান্ত্ৰিক আখ্যা দিয়ে।

‘‘এয়া অগণতান্ত্ৰিক আটক। আৰক্ষীয়ে আনকি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈয়ো দিয়া নায়,’’ গুহই কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰত বৰ্ষৰ বিভিন্ন স্থানত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ লগতে বিভিন্ন ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।