NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব (সংশোধনী) আইনৰ পৰা ছিকিমক বাহিৰত ৰাখক : এছ ডি এফ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2019 10:26 am
SDF leader

ছিকিমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা ছিকিম ডেমোক্ৰেটিক ফ্ৰণ্টৰ সভাপতি পৱন চামলিঙৰ নেতৃত্বত এটা প্ৰতিনিধি দলে শুকুৰবাৰে গেংটকত ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰে।

ছিকিম ডেমোক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিনিধি দলটোৱে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭১ ৰ বিশেষ মৰ্যদা অনুসৰি ছিকিমক নাগৰিকত্ব (সংশোধনী) আইন,২০১৯ৰ পৰা বাহিৰত ৰখাৰ বাবে এখন স্মাৰক পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পন কৰে।

এছ ডি এফ দলৰ তৰফৰ পৰা দলৰ সভাপতি পৱন ছামলিঙে ৰাজ্যপালৰ হাতত স্মাৰক পত্ৰখন অৰ্পন কৰি ভাৰতীয় সংবিধানত ছিকিমৰ বাবে উল্লেখ থকা বিশেষ অধিকাৰৰ কথা উল্লেখ কৰি ৰাজ্যখনক নাগৰিকত্ব (সংশোধনী) আইনৰ বাহিৰত ৰখাৰ বাবে আহ্বান জনায়।

ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰাৰ পাছতে দলটোৰ মুখপাত্ৰ কৃষ্ণ লেপচাই সংবাদমেল সম্বোধন কৰি ৰাজ্যপালৰ হাতত স্মাৰক পত্ৰ অৰ্পন কৰাৰ লগতে দলটোৰ দাবীৰ বিষয়ে উল্লেখ কৰে।

স্মাৰক পত্ৰখনত সংবিধানৰ অনুচ্ছেদ ৩৭১ত ছিকিমৰ বাবে উল্লেখ থকা বিভিন্ন সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক অধিকাৰৰ প্ৰসংগ উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, দীৰ্ঘসময়ৰ বাবে ছিকিমত শাসন চলাই থকা পৱন ছামলিং নেতৃত্বাধীন ছিকিম ডেমোক্ৰেটিক ফ্ৰণ্টে ৰাজ্যখনৰ বিগত বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল।