NORTHEAST NOW (Assamese)
অসম

কা ২০১৯ৰ আগ্ৰাসী ৰূপায়ণ বিচাৰি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2019 5:38 pm
Justice-sa-bobde WP in Supreme Court begs for ‘aggressive’ implementation of CAA 2019

পুনীত কৌৰ ধান্দা নামৰ এগৰাকী মহিলাই সোমবাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত এক লেখ আৱেদন দাখিল কৰিছে আৰু নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ “আগ্ৰাসী” ৰূপায়ণৰ বাবে অনুৰোধ জনাইছে।

লেখ আৱেদনখন (নং 001563/2019)ৰ সাম্প্ৰতিক আইনী স্থিতি জানিব পৰা হোৱা নাই। শীতকালীন অৱসৰৰ বাবে অহা ২ জানুৱাৰিলৈকে উচ্চতম ন্যায়ালয় বন্ধ থাকিব।

আইনখনৰ বিৰুদ্ধে অসমৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ দেশজুৰি বিয়পি পৰাৰ বিপৰীতে আৱেদনকাৰী ধান্দাই বিচাৰিছে, ন্যায়ালয়ে কা-ক “সংবিধানসন্মত আৰু কোনোপধ্যেই কোনো ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয়” বুলি ঘোষণা কৰিব লাগে।

দেশৰ সকলো ৰাজ্যকে কা-ৰ “আগ্ৰাসী” ৰূপায়ণৰ বাবে নিৰ্দেশ দিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়াৰ বাবে ধান্দাই ন্যায়ালয়ক অনুৰোধ জনাইছে।

তাৰোপৰি, কা-ৰ বিৰোধিতা কৰি থকাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ তেওঁ ন্যায়ালয়ক অনুৰোধ জনাইছে।

কা-ৰ বিৰোধিতা কৰা জামিয়া মিলিয়া ইছলামিয়া আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীৰ বাবে “ভাৰত-বিৰোধী স্থিতি এক ফেশ্বনত পৰিণত হৈছে”, আৱেদনখনত কোৱা হৈছে।

কা-ৰ বিৰোধিতা কৰা ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে “কঠোৰ ব্যৱস্থা” গ্ৰহণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ ধান্দাই ন্যায়ালয়ক অনুৰোধ জনাইছে।

“কেন্দ্ৰীয় চৰকাৰৰ বিৰোধী ৰাজনৈতিক দলসমূহে দেশজুৰি ভুৱা উৰাবাতৰি বিয়পাইছে,” আৱেদনখনত কোৱা হৈছে।

কেৱল সেয়ে নহয়, আৱেদনকাৰীগৰাকীয়ে দেশৰ সংবাদ মাধ্যমকো “ভুৱা তথ্য আৰু গুজৱ” বিয়পোৱাৰ বাবে জগৰীয়া কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

ভাৰতীয় সংসদ গৃ্হীত আৰু ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে স্বাক্ষৰ কৰা আইনখনৰ বিৰুদ্ধে অসমৰ বহু দল-সংগঠন-ব্যক্তিৰ লগতে দেশৰ বহুতে আৱেদন কৰিছে।

যোৱা ১৮ ডিচেম্বৰত হোৱা এই বিষয়ক প্ৰথমটো শুনানিৰ পিছত ন্যায়ালয়ে কা কিয় বাতিল কৰিব নালাগে সেই বিষয়ে কাৰণ দৰ্শোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে।

অহা ২২ জানুৱাৰিত বিষয়টোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। মুখ্য ন্যায়াধীশ এছ এ ববদে আৰু ন্যায়াধীশদ্বয় বি আৰ গাৱাই আৰু সূৰ্য্যকান্তৰ বিচাৰপীঠে বিষয়টো শুনি আছে।