NORTHEAST NOW (Assamese)
অসম

হাৰিয়ানাৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বাবে সংকট কঢ়িয়াই আনিছে জেজেপিৰ ভাঙোনে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2019 6:03 pm
275134-kcajngd0

মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ পাছত এইবাৰ হাৰিয়ানাত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বাবে ইয়াৰ সহযোগী জেজেপিৰ ভাঙোনে সংকট কঢ়িয়াই আনিছে।

জননায়ক জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰাম কুমাৰ গৌতমে ইয়াৰ শীৰ্ষ নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি বুধবাৰে দলৰ পৰা পদত্যাগ কৰিছে। তেওঁ দলটোৰ উপ সভাপতি আছিল।

দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অভিযোগ কৰিছে যে দলটোৰ শীৰ্ষ নেতৃত্বই কাৰো কথা নুশুনে। বিধায়কসকলক উপযুক্ত মৰ্যাদা নিদিয়াৰো অভিযোগো কৰে তেওঁ।

গৌতমে দাবী কৰা মতে দলটোৰ সকলো বিধায়কেই অসন্তুষ্ট। এজন এজনকৈ তেওঁলোকৰ প্ৰত্যেকেই দল ত্যাগ কৰিব বুলিও তেওঁ সদৰী কৰে।

হাৰিয়ানাত জেজেপিৰ সমৰ্থনতে বিজেপি চৰকাৰ বৰ্তি আছে। জেজেপিৰ ওপৰতে  মুখ্য মন্ত্ৰী মনোহৰলাল খট্টৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে। সেই জেজেপিতে এতিয়া ভাঙোন আৰম্ভ হৈছে।

সদ্য পদত্যাগী বিধায়ক ৰাম কুমাৰ গৌতম জেজেপিৰ এগৰাকী প্ৰভাৱশালী নেতা। দলটোৰ কেইবাগৰাকীয়ো বিধায়ক তেওঁৰ অনুগামী হিচাপে পৰিচিত।

গৌতমে অভিযোগ কৰে যে বিজেপিৰে মিত্ৰজোঁটত আৱদ্ধ হোৱাৰ বাবে জেজেপিয়ে যিকেইটা মন্ত্ৰীপদ লাভ কৰিছে আটাইকেইটা ইয়াৰ নেতা দুষ্যন্ত চৌতালাৰ অঙহী-বঙহীৰ মাজত ভগাই দিয়াৰ অভিযোগ আনিছে গৌতমে।

জানিব পৰা মতে, পদত্যাগী বিধায়কগৰাকীয়ে দাবী কৰে যে বিজেপিৰ সৈতে জোঁটবন্ধনত সকলো বিধায়কেই অসন্তুষ্ট। বিধায়কগৰাকীয়ে এইক্ষেত্ৰত দুষ্যন্তই আন বিধায়কসকলৰ সৈতে আলোচনা কৰা নাছিল বুলিও অভিযোগ কৰে।

ইপিনে, জ্যেষ্ঠ বিধায়কগৰাকীৰ পদত্যাগৰ পাছতে জেজেপিত ভাঙোনৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ বিধায়কসকলৰ কেইগৰাকীমান আকৌ কংগ্ৰেছৰ বিদ্ৰোহী নেতা। তদুপৰি, তেওঁলোক প্ৰাক্তন মুখ্য মন্ত্ৰী ভূপিন্দৰ সিং হুদাৰ ঘনিষ্ঠ বুলিও কোৱা হৈছে।

আনহাতে, ৰাম কুমাৰ গৌতমৰ পদত্যাগে দলৰ ক্ষতি কৰিব নোৱাৰে বুলি ব্যক্ত কৰিছে জেজেপি নেতা তথা ৰাজ্যখনৰ মুখ্য মন্ত্ৰী দুষ্যন্ত সিং চৌতালাই।

দুমহীয়া হাৰিয়ানাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনত বিজেপিৰ বিধায়কৰ সংখ্যা ৪০গৰাকী। ৯০ জনীয়া হাৰিয়ানা বিধানসভাত জেজেপিৰ বিধায়কৰ সংখ্যা ১০গৰাকী যদিও ৰাম কুমাৰ গৌতমৰ পদত্যাগৰ পাছত ইয়াৰ সংখ্যা ৯গৰাকীলৈ হ্ৰাস পালে।