NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অজয় দেবগণে কিয় ছবি নিষিদ্ধ কৰাৰ প্ৰসংগ আনিলে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2019 8:19 pm
ajay_devgn_1577366539

বলীউদৰ মেগাষ্টাৰ অজয় দেবগণৰ ছবি “তানাজী: দ্য আনছাং ৱাৰিয়ৰ’ নৱবৰ্ষৰ ১০ জানুৱাৰিত মুক্তি পাব। ছবিখনত অজয়ৰ উপৰি পত্নী কাজলে তানাজীৰ পত্নী সাবিত্ৰীবাই মালছুৰেৰ ভূমিকাত অভিনয় কৰিব।

চলচ্চিত্ৰখনত চইফ আলী খানেও এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

অজয় দেবগণে তেওঁৰ ছবি “তানাজী: দ্য আনছাং ৱাৰিয়ৰ’কলৈ অত্যন্ত উৎসাহী হৈ পৰিছে। ইয়াৰ বাবে তেওঁ প্ৰচাৰ তথা প্ৰসাৰত ব্যস্ত হৈ পৰিছে।

ইয়াৰ মাজতে অজয়ৰ এক বক্তব্য পোহৰলৈ আহিছে য’ত তেওঁ নাগৰিকত্ব সংশোধনী আইনক লৈ এনে এক মন্তব্য কৰিছে যাক লৈ ব্যাপক চৰ্চা হৈছে।

দ্য কুইন্টক দিয়া এটা সাক্ষাৎকাৰত অজয় দেবগণক দেশত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তেওঁৰ মন্তব্য বিচৰাত তেওঁ এই সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।

কিন্তু এই বিষয়ত নিজৰ মন্তব্য দিয়াৰ সময়ত তেওঁ কয় যে বলীউদৰ নায়কসকলে কোনো বিষয়ত মন্তব্য দিব নোৱাৰে। কিয়নো এই বিষয়ত কিবা কোৱা মানে কোনোবাই বেয়া পাব।

কিবা ক’লে বিৰোধিতা হ’ব পাৰে বুলি কৈ অজয়ে কয় যে যদি মই বা চইফ আলী খানে কিবা কওঁ তেতিয়া কোনোবাই বিৰোধিতা কৰি তাৰ বিপৰীতে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিব।

তেওঁ লগতে কয় যে তেওঁলোকে মোৰ ছবি তানাজীক নিষিদ্ধ কৰি দিব। ইয়াৰ ফলত ছবিখনৰ নিৰ্মাতা ক্ষতিগ্ৰস্ত হ’ব। মইও এই ছবিখনৰ নিৰ্মাতা। ইয়াৰ পূৰ্বে আমিৰ খান আৰু সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে এয়া ঘটিছিল।

মানুহে নাজানে ছবি এখন নিৰ্মাণৰ সৈতে বহু লোক জড়িত থাকে। ইয়াৰ বাবে সকলোৰে ক্ষতি হ’ব। আমি মন্তব্য দিয়া উচিত আৰু আমাৰ মন্তব্য থাকিবই। একাংশ মিডিয়াই কিবা এটা কৈছে আৰু আন একাংশ আন কিবা এটা কৈছে। আমি আগবাঢ়ি গৈ একো ক’ব নোৱাৰো।